আৰক্ষী আয়ুক্তই কৰিলে সদৰি, অহা ৪-৫ দিনলৈ কটা নহয় ই-চালান

0
2512

আৰক্ষী আয়ুক্তই কৰিলে সদৰি, অহা ৪-৫ দিনলৈ কটা নহয় ই-চালান । নতুন ডিজিটেল ট্ৰেফিক ছিষ্টেমৰ বুজাত অসুবিধা হোৱাৰ বাবেই এই সিদ্ধান্ত অসমৰ চৰকাৰৰ।

আজি অসম আৰক্ষী আয়ুক্ত হৰমীত সিঙে সদৰি কৰে এই বিষয়ে। এই ক্ষেত্ৰত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে, ডিজিটেল ট্রেফিক ছিষ্টেম চলিবলৈ হলে ৰাইজে ইয়াৰ নিয়ম বোৰ ভালদৰে জানি বুজি লব লাগিব।

ক’ত কিদৰে লাইট, চিচি কেমেৰা লগোৱা হৈছে, সেই বিষয়ে জানিব লাগিব। বৰ্তমানে গুৱাহাটী মহানগৰীৰ ২০টা স্থানত লগোৱা হৈছে এই ডিজিটেল ছিষ্টেম।

বৰ্তমান ৰাইজে জানি লওক এই ডিজিটেল ছিষ্টেমত কেনেদৰে চলিব লাগে। সেয়ে অহা ৪-৫ দিনলৈ ই-চালান কটা নহয়। ৰাইজে প্ৰথমে ইয়াৰ বিষয়ে শিকি লওক।

এতিয়াৰ পৰা হেলমেট পৰিধান নকৰিলে কোনেও ৰেহাই নাপাই, সেয়া লাগিলে আৰক্ষীৰ লোকেই হওক। আৰক্ষীৰ লোকেও হেলমেট পৰিধান নকৰিলে জৰিমনা ভৰিব লাগিব।

লগতে নতুন ডিজিটেল ট্ৰেফিক চিগনেল সন্দৰ্ভত কোনো লোকে যদি কিবা পৰামৰ্শ আগবঢ়াব বিচাৰে তেন্তে মেছেজ কৰিব পাৰে। চৰকাৰে সেয়া বিবেচনা কৰি মানি লব বুলি সদৰি আৰক্ষী আয়ুক্ত হৰমীত সিঙৰ ।