19 C
Guwahati
Wednesday, December 1, 2021
More

    নিৰ্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে মণ্ডপ এৰি মাতৃৰ সৈতে নিৰ্বাচনী আয়োগৰ ওচৰত কইনা

    বিয়া পিছত নিৰ্বাচন আগত, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে মণ্ডপ এৰি মাতৃৰ সৈতে নিৰ্বাচনী আয়োগৰ ওচৰত কইনা

    চাৰিওফালে কৰণাৰ দিনকাল। কিন্তু ইয়াৰ মাজতো বিয়া অনুষ্টিত হৈ আছে। আনকি কৰণাৰ নিয়ম নমনাকৈয়ে বিয়া পাতি আছে বহু লোকে। মুঠতে বিয়া মেইন। কিন্ত এইবাৰ এগৰাকী কইনাই প্ৰমাণ কৰিলে , বিয়াত কৈয়ো মেইন নিৰ্বাচন।

    যাৰ বাবেই কালি ঘোষণা হোৱা নিৰ্বাচনৰ ফলাফলৰ পিছতে বিয়াৰ মণ্ডপ এৰি মাতৃৰ সৈতে নিৰ্বাচনী আয়োগৰ ওচৰত উপস্থিত হয় কইনা। এই ঘটনা অৱশ্যে অসমৰ নহয়, উত্তৰ প্ৰদেশৰ হে। তাত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বিজয় সাব্যস্ত কৰে এগৰাকী পুনম নামৰ যুৱতীয়ে।

    পিছে ফলাফল ঘোষণাৰ দিনটোতে নিজৰ বিজয়ৰ কথা জনাৰ লগে লগে মণ্ডপ এৰি নিৰ্বাচন আয়োগৰ ওচৰত উপস্থিত হয় কইনা। কিয়নো পঞ্চায়ত নিৰ্বাচনত বিজয়ীগৰাকীক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। সেই প্ৰমাণ পত্ৰ গ্ৰহণৰ উদ্দেশ্যেই এইদৰে মাতৃৰ সৈতে কইনা গৈ উপস্থিত হয় আয়োগৰ ওচৰপত।

    আৰু পঢ়ক : তৃতীয়বাৰৰ বাবে জয়লাভ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ, সমৰ্থকৰ মাজত ব্যাপক উল্লাহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং