25 C
Guwahati
Thursday, October 21, 2021
More

    ভাল খবৰ! এইবাৰ অনুষ্ঠিত হ’ব দূৰ্গা পূজা, মানিব লাগিব ক’ভিড প্ৰট’কল…

    ভাল খবৰ! এইবাৰ অনুষ্ঠিত হ’ব দূৰ্গা পূজা, মানিব লাগিব ক’ভিড প্ৰট’কল…

    ”ক’ভিড প্ৰটকল মানি এইবাৰ উদযাপন কৰা হ’ব শাৰদীয় দূ্ৰ্গা পূজা” বুধবাৰে সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    ১১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ চলিব দূ্ৰ্গা পূজা। বিগত বৰ্ষটো কৰ’ণাৰ ওপৰত লক্ষ্য ৰাখি বিভিন্ন নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হৈছিল দূৰ্গা পূজা।

    মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এয়া নিশ্চিত যে দূৰ্গা পূজা অনুষ্ঠিত হ’ব কিন্তু মানি চলিব লাগিব ক’ভিড প্ৰট’কল। অতি সাৱধানেৰে পাতিব লাগিব পূজা। স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানিলে সাৱধানে থাকিব সকলো। ভেকচিন লওক পূজা উদযাপন কৰক।

    উল্লেখ্য যে, দূৰ্গা পূজা সন্দৰ্ভত জনতা, সমিতি আদি সকলোৱে চিন্তিত আছিল। তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীৰ এই ঘোষণাই সকলোকে কিছু সকাহ দিছে।

    আৰু পঢ়ক : APDCL-ৰ নিলম্বিত বিষয়াৰ তালিকা, আটাইকেইগৰাকী বিজুলী ভৱনত কৰ্মৰত আছিল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং