দুৰ্গা পূজা বুলি ঘৰতে বনাওক এই দুবিধ অতি সহজ আৰু ব্যতিক্ৰম মিঠা ব্যঞ্জন…

0
197

দুৰ্গা পূজা বুলি ঘৰতে বনাওক এই দুবিধ অতি সহজ আৰু ব্যতিক্ৰম মিঠা ব্যঞ্জন…খাবলৈয়ো সোৱাদ ভৰা। আলহীক খুৱাই লাভ কৰক প্ৰসংশা।

গাখীৰেৰে তৈয়াৰী চাউলৰ গুড়িৰ পিঠা-

প্ৰয়োজনীয় সামগ্ৰী-
গাখীৰ- ১কাপ
পানী- ১ কাপ
চাউলৰ গুৰি- ১ কাপ
চেনি- ১ কাপ
ভাজি লোৱা নাৰিকল গুৰি- আধা কাপ
ঘিউ- প্ৰয়োজন অনুসাৰে
ইলাচী গুৰি- প্ৰয়োজন অনুসাৰে

প্ৰথমে এটা পাত্ৰত গাখীৰ আৰু পানী খিনি দি কিছু গৰম হবলৈ দিয়ক। গৰম হলে তাত চেনি কাপ দি উতলিবলৈ দিয়ক। ভালদৰে লাৰি থাকিব যাতে ই উতলি পৰি নাযায় বা পাত্ৰৰ কাষৰ ফালে বেছি লাগি নধৰে।

এইবাৰ তাত ইলাচী গুৰি সামান্য দি ভালদৰে লৰাই তাত এইবাৰ চাউলৰ গুৰি দি ভালদৰে লৰাওক। অকনমান সময়ো এৰি নিদিব। নহলে পাত্ৰত লাগি ধৰিব লগতে গাখীৰ পানীৰ লগত মিলি নগৈ চাউলৰ গুৰি লগ নালাগিব।

ভালদৰে লৰাই থাকি গাখীৰ পানী সম্পূৰ্ণ শুহি ল’লে তাত এইবাৰ ভাজি লোৱা নাৰিকল গুৰি খিনি দি মিক্স কৰক। লগতে সামান্য ধিউ দি লব পাৰে। এতিয়া কেৰাহীত সামান্য শুকান হোৱালৈ ইয়াক লৰাই থাকক। যাতে ই বান্ধ খাই।

এতিয়া পাত্ৰ এটাত সামান্য ঘিউ মচি সেই বনাই লোৱা গাখীৰ চাউলৰ মিক্স খিনি তাত দি সমান কৈ বহল কৰি ঠাণ্ডা হবলৈ দিয়ক। ঠাণ্ডা হলে তাক বৰ্ফিৰ আকাৰত নাইবা লাডু বনাই নাইবা পছন্দ অনুসাৰে আকাৰ দি পৰিৱেশন কৰক।

নাৰিকল ভাত

এক ব্যতিক্ৰম মিঠা খাদ্য, যি হয়তো পূৰ্বে আপুনি খাই পোৱা নাই। ই হৈছে নাৰিকল ভাত। অতি সহজে তৈয়াৰ কৰিব পাৰিব এই খাদ্য।

ইয়াৰ বাবে আপোনাক প্ৰয়োজন হব-
চাউল- ১ কাপ, পূৰ্বে তিয়াই লব
গুড়- আধা কাপ
নাৰিকল ভজা- আধা কাপ
ঘিউ- প্ৰয়োজন অনুসাৰে
লং- ৩-৪ টা
ইলাচী- ৪-৫ টা
ডালচেনি- এটুকুৰা
পানী- এক কাপ

গৰম পাত্ৰত ঘিউ দি ইলাচী, লং, ডালচেনী ভাজক। তাত পূৰ্বে তিয়াই থোৱা চাউল বাতি দি দিয়ক। নভঙাকৈ ভাজক, ভজা হলে তাত পানী দি সিজিবলৈ দিয়ক।

প্ৰয়োজন অনুসাৰে কেশৰ বা কোনো ৰং মিহলাব পাৰে, দেখিবলৈ ভাল হব। এচিকুট নিমখো দি দিব সেই পানীত। ১০ মিনিট মান পানী শুহি গ’লে পাছত তাক ভলদৰে লৰাই একাষৰীকৈ থৈ দিয়ক।

এইবাৰ আন এটা পাত্ৰত ঘিউ দি কাজু, খিচমিছ দি ভাজক, সামান্য সোণালী বৰণ ধৰিলে তাত গুড় মিথৈ দি দিয়ক। তাত একেলগে ৰুকি থোৱা নাৰিকল খিনিও দি ভালদৰে লৰাওক ।

গুড় গলি নাৰিকল শুকান হোৱাকৈ ভাজক, ভজা হলে পূৰ্বে সিজাই থোৱা ভাত খিনিত মিক্স কৰি দিয়ক। ৫ মিনিট পাছত তাত ইলাইচি গুৰি দি সামান্য লৰাই দি তাক নমাই থওক।

এতিয়া গৰমে গৰমে নাইবা ঠাণ্ডা কৰি হলেও পৰিৱেশৱন কৰি নিজেও তৃপ্তি পোৱাৰ লগতে অন্যৰো প্ৰসংশা লাভ কৰক।