25 C
Guwahati
Wednesday, December 1, 2021
More

    কলকাতাত বুৰ্জ খলিফা আৰ্হিৰ পূজা মণ্ডপৰ বাবে সমস্যাত বিমান চালক, কিয় দিলে অভিযোগ?

    কলকাতাত বুৰ্জ খলিফা আৰ্হিৰ পূজা মণ্ডপৰ বাবে সমস্যাত বিমান চালক, কিয় দিলে অভিযোগ?

    দুৰ্গা পূজা উপলক্ষে এইবাৰ কলকাতাত আটক ধুনীয়া ৰূপত সজাই তোলা হৈছে পূজা মণ্ডপ সমূহ।

    কলকাতাৰ বিখ্যাত শ্ৰীভূমিৰ দুৰ্গা মণ্ডপ এইবাৰ ডুবাইৰ পৃথিৱীৰ সুউচ্চ অট্টালিকা বুৰ্জ খলিফাৰ আৰ্হিত সজাই তোলা হৈছে।

    নিশা বুৰ্জ খলিফাক আৰু অধিক আকৰ্ষণীয় ৰূপত তুলি ধৰাৰ কাৰণে বিভিন্ন ৰঙৰ লাইটৰ লগতে লেজাৰ লাইটৰো ব্যৱস্থা কৰা হৈছে।

    কিন্তু সোমবাৰে বুৰ্জ খলিফা আৰ্হিৰ পূজা মণ্ডপৰ পৰা নিৰ্গত হোৱা লেজাৰ লাইটৰ বাবে অসুবিধাত পৰে বিমান চালক।

    তিনিজন বিমান চালকে বুৰ্জ খলিফা আৰ্হিৰ পূজা মণ্ডপৰ লেজাৰ লাইটৰ বাবে অসুবিধাত পৰা বুলি অভিযোগ কৰে।

    বিমান চালক কেইজনে লেজাৰ লাইটৰ বাবে বিমান অৱতৰণ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখিন হ’বলগীয়া হৈছে বুলি সদৰী কৰে।

    বিমান চালক তিনিজনৰ এই অভিযোগৰ পাছতে পূজা উদ্যোক্তা সমিতিয়ে লেজাৰ লাইটৰ ব্যাৱহাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

    শ্ৰীভূমি পূজা মণ্ডপ বিমান বন্দৰৰ সমীপতে অৱস্থিত।

    আৰু পঢ়ক : পাটিয়ালাত ক’ভিড প’জিটিভ হিমা দাস

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং