28 C
Guwahati
Tuesday, October 19, 2021
More

    আজি মহাসপ্তমী, ৮.১৮ ৰ পৰা আৰম্ভ হ’ব সপ্তমী বিহিত পূজা

    আজি মহাসপ্তমী, ৮.১৮ ৰ পৰা আৰম্ভ হ’ব সপ্তমী বিহিত পূজা

    কৰণা মহামাৰীৰ মাজতে অসম, পশ্চিম বংগৰ লগতে দেশ জুৰি দ্বিতীয় বাৰৰ বাবে কভিড প্ৰটকলৰ মাজেৰে উদযাপন হৈ আছে মা দূৰ্গাৰ পূজা। আজি মহাসপ্তমী বিহিত পূজা।

    পূজা আৰম্ভ হব পূৱা ৮.১৮ বজাৰ পৰা। দেৱীৰ নৱপত্ৰিকা প্ৰৱেশেৰে সপ্তমী বিহিত পূজা অৰ্চনা আৰম্ভ হব। অৱশ্যে ১১ অক্টোবৰ নিশা ১১.৫২ বজাৰ আৰম্ভ হৈছে সপ্তমী তিথি। সমাপ্ত হব ১২ অক্টোবৰ নিশা ৯.৪৮ বজাত।

    দেশৰ ভিতৰতে প্ৰধানকৈ পশ্চিম বংগ, অসম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাত সৰ্বাধিক দূৰ্গা পূজা উদযাপন কৰা হয়। আনহাতে ভাৰতবৰ্ষৰ বাহিৰে বাংলাদেশতো সৰ্বাধিক দূৰ্গা পূজাৰ আয়োজন কৰা দেখা যায়। চুবুৰীয়া দেশখনত থকা হিন্দু বেংগলী সকলে প্ৰধানকৈ উদযাপন কৰে মা দূৰ্গাৰ পূজা।

    আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত।

    আৰু পঢ়ক : ভয়ংকৰ কূটাঘাতৰ ইংগিত নেকি ! ভাৰত-ভূটান সীমান্তত বস্তাই বস্তাই গুলি-বাৰুদ-শক্তিশালী ৰকেট লান্সাৰৰ অৱশিষ্ট উদ্ধাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং