35 C
Guwahati
Wednesday, October 13, 2021
More

    আজি মহা অষ্টমী, ঢকুৱাখানাৰ ঐতিহাসিক শ্ৰী শ্ৰী ইশ্বৰী আৰ্হি দেৱালয়ত ৰীতি-নীতিৰে ম’হ বলিৰ প্ৰস্তুতি

    আজি মহা অষ্টমী, ঢকুৱাখানাৰ ঐতিহাসিক শ্ৰী শ্ৰী ইশ্বৰী আৰ্হি দেৱালয়ত ৰীতি-নীতিৰে ম’হ বলিৰ প্ৰস্তুতি

    ক’ভিড প্ৰটকল মানি ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়তো উদযাপন কৰা হৈছে মা দুৰ্গাৰ পূজা অৰ্চনা।

    ১৭২২ খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা লাভ কৰা এই দেৱালয়ত বলি বিধানেৰে বিধিগত ভাৱে উদযাপন কৰা হৈছে মা দুৰ্গা পূজা অৰ্চনা।

    পূজাৰ উপলক্ষে পৰম্পৰাগতভাৱে পূৰ্বৰ দৰে এইবাৰো ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত জৰা, হাঁহ, কোমোৰা, ছাগলী,  ম’হ বলি দিয়া হব।

    আজি উলহ-মালহেৰে অষ্টমীৰ ৰীতি-নীতি আৰম্ভ হৈছে।

    ইপিনে, ঢকুৱাখনা ধেমাজি সীমান্তৰ ১৫০ বছৰীয়া শ্ৰী শ্ৰী মা মণিপুৰী থানটো উলহ-মালহেৰে দুৰ্গা পূজা উদযাপন কৰা হৈছে।

    মণিপুৰী থানত আজি সন্ধিয়া সমূহ দেশ বাসীৰ মংগল কামনা কৰি ২০২১ গচি বন্তি প্ৰজলন কৰিব বুলি জানিবলৈ দিছে পূজা কমিটি সম্পাদক মনোৰঞ্জন বৰগোঁহাইয়ে।

    ঘিলামৰাতো ঘিলামৰা টাউন যুৱক সংঘৰ উদ্যোগতো উলহ মালহেৰে উদযাপন কৰিছে দুৰ্গা পূজা।

    ইনপুট- জিন্টু কোঁচ।

    আৰু পঢ়ক : আফগানিস্তানক সন্ত্ৰাসবাদৰ উৎস হোৱাৰ পৰা ৰক্ষা কৰক, জি-২০ বৈঠকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং