24 C
Guwahati
Tuesday, September 27, 2022
More

    ডুৰাণ্ড কাপ : কাইলৈ সৰুসজাইত নৰ্থ-ইষ্ট ইউনাইটেড বনাম ওড়িশা এফ চি

    আজিৰ পৰা আৰম্ভ হৈছে ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত দেশৰ অন্যতম এই সন্মানীয় প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি কলকাতাত হৈছে।

    এছিয়া মহাদেশৰ প্ৰথমখন তথা বিশ্বৰ তৃতীয় প্ৰাচীন ফুটবল প্ৰতিযোগিতাখনৰ কেইবাখনো গুৰুত্বপূৰ্ণ মেচ এইবাৰ অনুষ্ঠিত হ’ব গুৱাহাটীত।

    কাইলৈ অৰ্থাত ১৭ আগষ্টৰ পৰা চাৰি ছেপ্তেম্বৰলৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ১৩১ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ ‘ডি’ৰ মুঠ ১০ খন মেচ।

    গুৱাহাটীত হ’বলগা প্ৰথমখন মেচত কাইলৈ ঘৰুৱা দল নৰ্থ-ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ’ব ওড়িশা এফ চিৰ বিৰুদ্ধে। এই মেচখন বিয়লি ৫.৩০ বজাৰ পৰা আৰম্ভ হ’ব।

    উল্লেখ্য যে ১৮৮৮ চনৰ পৰা ভাৰতীয় সেনাই আয়োজন কৰি অহা এই সন্মানীয় প্ৰতিযোগিতা পোন প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব।

    কাইলৈ বিয়লি ৪.৩০ বজাত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। এঘণ্টাৰ উদ্বোধনী অনুষ্ঠানত বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত আৰু মণিপুৰৰ ৰাৱবেন মাছংভায়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব।

    অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ মেচ এইবাৰ দেশৰ তিনিখন চহৰত অনুষ্ঠিত হ’ব। চহৰ কেইখন হৈছে কলকাতা, গুৱাহাটী আৰু ইম্ফল।

    দেশৰ আগশাৰীৰ ২০ টা ক্লাবে এই প্ৰতিযোগিতাখনত অংশ লৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং