29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰকিবুলে গঁড় কেইটা বচাব নোৱাৰিলে, এতিয়া অসম বাচাও অভিযানত নামিছে: দুলু আহমেদ

    ৰকিবুলে গঁড় কেইটা বচাব নোৱাৰিলে, এতিয়া অসম বাচাও অভিযানত নামিছে: দুলু আহমেদ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে নামি পৰিছে নিজা নিজা ৰণকৌশলত । প্ৰতিটো ৰাজনৈতিক দলে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ।

    নৱ গঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদক উজনি নামনি অসমৰ ৰাইজে আঁকোৱালী লোৱা দেখা গৈছে। সমান্তৰালভাবে‌ ৪৮নং বকো বিধানসভা সমষ্টিটো ৰাইজে অসম জাতীয় পৰিষদ দলটোক ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে।

    ৰাইজৰ সহাঁৰিৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যেতি গগৈ, উপ-সভাপতি দুলু আহমেদ, সাধাৰণ সম্পাদক জগদীশ ভূঞা,যুটীয়া সম্পাদক প্ৰিঞ্চ ফাইজুল হক,প্ৰচাৰ সম্পাদক দেৱজিত অধিকাৰীয়ে বকোৰ ছমৰীয়াত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাবেশত উপস্থিত হয়।

    বকোৰ ছমৰীয়াত অসম জাতীয় পৰিষদৰ সমাবেশত উপ সভাপতি দুলু আহমেদে কয়, ”ৰাজনীতিৰ পথাৰত গৌৰৱ গগৈ নিচেই পোৱালী”।২০১৪চনত ৰাজনীতি পথাৰত নামি পৰা গৌৰৱ গগৈ ৰাহুল গান্ধীৰ আশীৰ্বাদত সাংসদ হৈ আছে বুলি মন্তব্য কৰে আহমেদে।

    লগতে কংগ্ৰেছ নেতা ৰকিবুল হুচেইনকো কটাক্ষ কৰি মন্তব্য প্ৰদান কৰে দুলু আহমেদে। তেওঁ কয় যে ”ৰকিবুল হুছেইনে কাজিৰঙাৰ গঁড় কেইটা বচাব নোৱাৰিলে এতিয়া অসম বাচাও অভিযানত নামি হাস্যকৰ পৰিবেশৰ সৃষ্টি কৰিছে”।

    আৰু পঢ়ক : কথা দি কথা নাৰাখিলে প্ৰধানমন্ত্ৰীয়ে, কিয় পাহৰিলে প্ৰতিশ্ৰুতি! অসহায় নেকি অসমৰ ২ প্ৰভাৱশালী মন্ত্ৰী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং