পথৰ দুৰৱস্থাৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈ কৰুণ মৃত্যুক সাৱটিলে এজনে

0
1390

পথৰ দুৰৱস্থাৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈ কৰুণ মৃত্যুক সাৱটিলে এজনে। দৰং জিলাৰ বেছিমাৰী-চিকনমাটি সংযোগী পথৰ দুৰৱস্থাৰ বাবেই মৃত্যু হয় এজনৰ৷

পথটোৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ। সেই গাঁতত পৰিয়েই মৃত্যু হয় এগৰাকী লোকৰ।

ৰাজ্যত শেহতীয়াকৈ হৈ যোৱা বানপানীৰ ফলতে মাজতে এছোৱা সম্পূৰ্ণকৈ ভাঙি গৈছি পথছোৱাৰ। যাৰ বাবে গাঁওবাসীয়ে পথটো সংযোগ কৰোৱাৰ বাবে মাজত বাঁহৰ সাকো দি লৈছিল।

কালি নিশা সেই পথছোৱাতে সংঘটিত হৈছে এক কৰুণ ঘটনা। শহুৰেকৰ ঘৰলৈ যোৱাৰ সময়ত ভাঙি যোৱা পথছোৱাত পৰি মৃত্যু হয় বেছিমাৰী জংঘল গাঁৱৰ নছিমদ্দিন নামৰ এগৰাকী ব্যক্তিৰ।

মৃত ব্যক্তি গৰাকীৰ আনুমানিক বয়স ৪৪ বুলি জানিব পৰা গৈছে।

পথছোৱা নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে জনপ্ৰতিনিধিক কাকতি মিনতি কৰাৰ পিছতো আজি পৰ্যন্ত ঠিক নহল পথছোৱা।

যাৰ ফলত কালি নিশা সংঘটিত হয় এই কৰুণ ঘটনা। এই ভাঙি যোৱা পথছোৱাতে মাজে সময়ে সংঘটিত হৈ আহিছে সৰু বৰ দুৰ্ঘটনা।

সেই পথছোৱাৰ ওচৰতে আছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ো। বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰো সেই পথেৰে চলাচল কৰাত অসুবিধাৰ সন্মুখীন হৈছে।

অচিৰেই বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধি সকলক পথছোৱা নিৰ্মাণ কৰি দিবলৈ আহব্বান জনাইছে ৰাইজে।

Input and Photo – Riki Das