লকডাউনে কোলাৰ কেচুৱা বিক্ৰী কৰাবলৈ বাধ্য কৰালে বুলি অভিযোগ লংকাত

গাঁওবাসীৰ ভাষ্য অভাৱৰ বাবেই নিঃসহায় হৈ পৰিছে পিতৃ মাতৃ

0
113

হোজাই জিলাৰ লামডিং সমষ্টিৰ লংকা কাকীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা৷ লকডাউনৰ বাবে খাদ্যৰ সংকটত পৰি উপায় বিহীন হৈ সদ্য জন্ম প্ৰাপ্ত নিজৰ পেটৰ সন্তানকে বিক্ৰী কৰিলে এহাল পিতৃ-মাতৃয়ে।

আনহাতে স্থানীয় লোকে এই ঘটনাক অভাৱৰ দোহাই দি পাষান পিতৃ মাতৃয়ে নবজাতকক বিক্ৰী কৰিলে বুলি মন্তব্য কৰিছে। এই ঘটনাটো সংঘটিত হৈছে লংকা কাকী ঠাইচুপাৰ পঞ্চায়তৰ অন্তৰ্গত টিলা বজাৰ কছাৰী গাঁৱত৷

জানিব পৰা মতে আজিৰ পৰা প্ৰায় দহ দিন মান পূৰ্বে লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটি কণ্যা সন্তান জন্ম দিছিল মহিলাগৰাকীয়ে৷ ইয়াৰ পূৰ্বেও ৫টা সন্তান আছিল দম্পতিহালৰ। অভিযোগ অনুসৰি পূৰ্বৰ ৫টা সন্তান থকাৰ বাবে এই নবজাতক সন্তানটি স্থানীয় আশা কৰ্মী সহযোগত এটা পৰিয়ালক টকাৰ বিনিময়ত গতাই দিয়ে।

উল্লেখ্য যে ৫টা সন্তানেৰে দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল দি আহিছিল। যদিও লকডাউনৰ বাবে কাম বন নোহোৱা সময়তে এই নৱজাতকটো জন্ম হোৱাত উপাই বিহীন হৈ এনেদৰে অন্যৰ হাতত তুলি দিব লগা হ’ল বুলি মন্তব্য প্ৰকাশ পৰিয়ালটোৰ। আনহাতে নবজাতকটোৰ খুড়াকৰ ভাষ্য, সন্তানটিৰ গাৰ বৰণ ক’লা হোৱাৰ বাবেই ঘৰলৈ নানি বাহিৰে বাহিৰে পোন্ধৰ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰা হয়।

Photo Credit: @biswajit-chakraborty