দেশত উচ্চহাৰৰ মাচুল বহন কৰিব নোৱাৰি শিক্ষাৰ্থী সকল ইউক্ৰেইনলৈ যাবলগীয়া হৈছে, উচ্চতম ন্যায়ালয়

0
1975
ফাইল ফটো

যিসকল শিক্ষাৰ্থীয়ে দেশত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম উচ্চ হাৰৰ মাচুলৰ বাবে গ্ৰহণ কৰিব নোৱাৰে সেইসকল শিক্ষাৰ্থীয়ে ইউক্ৰেইন আদিৰ দৰে দেশলৈ চিকিৎসা বিজ্ঞানৰ পাঠগ্ৰহণৰ বাবে যাবলগীয়া হয় বুলি আজি উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে।

ভাৰতত বৰ্তমান সময়ত শিক্ষা এক ডাঙৰ ব্যাৱসায়লৈ ৰূপান্তৰিত হৈ পৰিছে বুলিও উচ্চতম ন্যায়ালয়ে লগতে কয়।

দেশত নতুনকৈ ফাৰ্মাচী মহাবিদ্যালয় স্থাপন কৰা সম্পৰ্কত উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক আবেদন সম্পৰ্কত শুনানি গ্ৰহণ কৰি এইদৰে কয় উচ্চতম ন্যায়ালয়ে।

উল্লেখযোগ্য যে, ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ সময়ত ইউক্ৰেইনত বহু ভাৰতীয় চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল।

ভাৰত চৰকাৰে বহু কষ্টেৰে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক দেশলৈ ঘুৰাই আনিবলৈ সক্ষম হৈছিল।

ইউক্ৰেইনৰ পৰা ভাৰতলৈ উভতি অহাৰ পাছতে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলে ভাৰতত নামভৰ্তিৰ অনুমতি বিচাৰি আহ্বান জনাইছিল।