বৰ্তমানলৈ দেশত কৰ’ণাই প্ৰাণ কাঢ়িলে ৭২ জনৰ, আক্ৰান্ত ২৫৬৭জন

কৰ'ণাই মৃত্যুৰ উপত্যকাত পৰিণত কৰি পেলাইছে ইটালীক

0
83

সমগ্ৰ বিশ্বতে মৃত্যু দংকা বজাইছে কৰ’ণাই। বৰ্তমানলৈ ভাৰতত এই মহামাৰী কৰ’ণাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৭২গৰাকী। লগতে প্ৰতিটো ঘণ্টাই বৃদ্ধি পাই গৈ আছে আক্ৰান্তৰ সংখ্যা। নিজামুদ্দিনৰ ঘটনাই এই ভাইৰাছ বিয়পাত যেন আৰু অধিক জ্বলা জুইত ঘি ঢালিলে। আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ২৫৬৭ গৰাকী।

ভাৰতৰ লগতে অন্য দেশ সমুহতো অলপো বাধা দিবলৈ সক্ষম হোৱা নাই এই ভাইৰাছ সংক্ৰমণত। আমেৰিকাত বৰ্তমানে আ্ৰান্তৰ সংখ্যা ২৪৫,৩৭৩গৰাকী আনহাতে মৃত্যুৰ সংখ্যা ৬০৯৯৫জন। আনহাতে ইটালীত ১১৫,২৪২ হৈছেগৈ আক্ৰান্ত হোৱা লোক লগতে ১৩,৯১৫ হৈছেগৈ মৃত্যুৰ সংখ্যা। কৰ’ণাই মৃত্যুৰ উপত্যকাত পৰিণত কৰি পেলাইছে ইটালীক।

Photo Credit: Eisamay