‘লৰচৰ হ’লেই চেপা খাব স্নায়ু’, নতুন দিল্লীলৈ স্থানান্তৰ কৰিব নোৱাৰিব আনন্দ শৰ্মাক

0
15770

ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাক উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ স্থানান্তৰ কৰিব নোৱাৰিব বুলি জনাইছে চিকিৎসকে।

চিকিৎসকে জানিব দিয়া মতে, আনন্দ শৰ্মাৰ শৰীৰ লৰচৰ হ’লেই স্নায়ু চেপা খোৱাৰ আশংকা আছে আৰু সেয়ে তেওঁক বহিঃৰাজ্যলৈ নিব পৰা নাযাব।

ইয়াৰ বিপৰীতে বৃহস্পতিবাৰ অৰ্থাত কাইলৈ পুৱা ১০ বজাত ডিব্ৰুগড়তে ভুক্তভোগী ছাত্ৰজনৰ অস্ত্ৰোপচাৰ কৰা হ’ব বুলি জানিব দিয়ে চিকিৎসকে।

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল’বলৈ আজি পুৱা হাস্পতালত উপস্থিত হৈছিল। ছাত্ৰগৰাকীক সাক্ষাত কৰাৰ পিছতে উপাচাৰ্যগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিব দিছিল যে প্ৰয়োজনত তেওঁক বহিঃৰাজ্যলৈ নিয়া হ’ব আৰু ইয়াৰ বাবে বিশ্ববিদ্যালয়ে সকলো খৰচ বহন কৰিব।

আনহাতে, বিশ্ববিদ্যালয়খনৰ PNGB হোষ্টেলৰ তিনিওজন ৱাৰ্ডেন ক্ৰমে দিব্যজ্যোতি দত্ত, পলাশ দত্ত আৰু আবু মুস্তাক হুছেইনক অব্যাহতি দিয়া হৈছে বুলিও জনাই উপচাৰ্য হাজৰিকাই।

উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মাই দেওবাৰে ৰেগিঙৰ পৰা হাত সাৰিবলৈ হোষ্টেল ভৱনৰ তৃতীয় মহলাৰ পৰা জপিয়াইছিল।

বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসমৰ আমগুৰি নিবাসী ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা।