নিশা মহানগৰীত সুৰাপায়ী যুৱকৰ সন্ত্ৰাস ! দোকানৰ কৰ্মচাৰীক প্ৰহাৰ

0
81

নিশা মহানগৰীত সুৰাপায়ী যুৱকৰ সন্ত্ৰাস ! দোকানৰ কৰ্মচাৰীক প্ৰহাৰ

নিশাৰ মহানগৰীত সুৰাপায়ী যুৱকৰ সন্ত্ৰাস | মহানগৰীৰ ৰাজগড়ৰ দুখনকৈ দোকানত নিশা সন্ত্ৰাস চলালে ১০/১৫ জনীয়া সুৰাপায়ী যুৱকৰ দলে|

জানিব পৰা মতে দোকানখনৰ এজন কৰ্মচাৰী সৈতে সৰু কথাকে লৈ সুৰাপায়ী দলটোৰ এজন যুৱকে কাজিয়াত লিপ্ত হয় |

তাৰ পিছতে সুৰাপায়ী যুৱকজনে দোকান খনৰ সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে দোকানৰ কৰ্মচাৰীকো প্ৰহাৰ কৰে|

সুৰাপায়ীয় যুৱক জনে দোকানখনলৈ শিলগুটিও নিক্ষেপ কৰে|

দোকানখনৰ কৰ্মচাৰী জনে লগে লগে আৰক্ষীক খবৰ দিয়ে| ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ তদন্ত কৰে |