
খোজত থৰক-বৰক, কথাত পাকঃ কৰ্তব্যৰ মাজতে মাতাল প্ৰিজাইডিং বিষয়া, ন্যায়াধীশৰ পাৱাৰ দেখুৱাই মোবাইল কাঢ়িলে ভোটাৰৰ
ভোটদানৰ মাজতেই মাতাল প্ৰিজাইডিং বিষয়াৰ বহুৱালি। ৮৭ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ ৫৮ নং ভোট গ্ৰহণ কেন্দ্ৰত কৰ্তব্যৰ মাজতে সুৰাপান কৰি মাতাল প্ৰিজাইডিং বিষয়া।
“মই কালিয়েই মোৰ সকলো কাম কৰি থৈ দিছো। মোৰ তাত ন্যায়াধীশৰ পাৱাৰ আছে।” কৰ্তব্য পালন কৰাৰ বিপৰীতে নিচাত আশক্ত হৈ থাকে বিষয়াগৰাকী ।
ভোটাৰৰ মোবাইল কাঢ়ি লৈ দুৰ্ব্যৱহাৰ বিষয়াৰ। সুৰাপান কৰাৰ কথা মুখেৰে কথা নুঘুৰাকৈয়ে নস্যাৎ কৰে বিষয়াজনে।
ভোটাৰক বেয়া ব্যৱহাৰ কৰি অৱশেষত ভোটাৰক ক্ষমা খুজিলে বিষয়া জনে । মদৰ নিচাত মাতাল হৈ থকাৰ দৃশ্য এজন যুৱকে মোবাইলত আবদ্ধ কৰোঁতে যুৱক জনৰ মোবাইল টানি লৈ যায় অফিচাৰ জনে ।
অৱশেষত নগাঁও জিলা প্ৰশাসনে মাতাল প্ৰিজাইডিং বিষয়া জনৰ বিপৰীতে আন এজন বিষয়াক ভোট কেন্দ্ৰটোত নিয়োগ কৰে।
আৰু পঢ়ক : অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আলফা স্বাধীনৰ