৫ কোটি টকাৰ ড্ৰাগছ জব্দ, এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

0
35
৫ কোটি টকাৰ ড্ৰাগছ জব্দ, এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

৫ কোটি টকাৰ ড্ৰাগছ জব্দ, এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলি থকা ধাৰাবাহিক অভিযানৰ ফলস্বৰূপে আজি নগাঁও জিলাৰ কলিয়াবৰৰ চতিয়ালত ৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।

বৃহত পৰিমাণৰ ড্ৰাগছখিনি নাগালেণ্ডৰ ডিমাপুৰৰ লাহৰীজানৰ পৰা নগাঁৱৰ জুৰীয়ালৈ সৰবৰাহ কৰা হৈছিল।

এ এছ ০১ এ ভি নম্বৰৰ এখন চেণ্ট্ৰ’ বাহনত সৰবৰাহকাৰীয়ে ড্ৰাগছখিনি ৭৬ টা চাবোনৰ কেছত লুকুৱাই আনিছিল।

জব্দকৃত ড্ৰাগছখিনি ওজন প্ৰায় ৭৮৬২ গ্ৰাম হ’ব বুলি জানিব দিয়ে আৰক্ষীয়ে।

ইফালে এই ড্ৰাগছ সৰবৰাহৰ অভিযোগত জুৰীয়া নিবাসী ময়দুল ইছলাম নামপ এজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে লগতে সৰবৰাহকাৰীজনৰ পৰা ৫৭ হাজাৰ নগদ ধনো জব্দ কৰিবলৈ সক্ষম হয়।

অধিক তথ্য সংগ্ৰহৰ বাবে বৰ্তমান সৰবৰাহকাৰীজনক সোধা পোচা চলাই থকা বুলিও জানিব পৰা গৈছে।

আৰু পঢ়ক : ভাৰতলৈ আহি শচীন তেণ্ডুলকাৰ আৰু অমিতাভ বচ্চনৰ দৰে অনুভৱ বৰিছ জনছনৰ