বৃহৎ সফলতা; গুৱাহাটীত বিক্ৰীৰ পৰিকল্পনাৰে অনা ২০০ কোটি টকাৰ ড্ৰাগছ জব্দ

0
84
প্ৰতিনিধিত্বমূলক চিত্ৰ

ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানত আজি পুনৰবাৰ বৃহত সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে। মঙলবাৰে ৰাজ্যখনৰ কাছাৰ জিলাত জব্দ কৰা হয় ২০০ কোটি টকাৰ ড্ৰাগছ।

সূত্ৰ অনুসৰি, মিজোৰামৰ পৰা গুৱাহাটীলৈ আহি থকা এখন যাত্ৰীবাহী বাহনৰ পৰা শিলচৰত জব্দ কৰা হৈছে এই ড্ৰাগছখিনি।

টাটা ছুমোৰ ভিতৰত থকা এটা গোপন চেম্বাৰত ৪ লাখ য়াবা টেবলেট লুকুৱাই আনিছিল। সৰবৰাহকাৰী কেইজনে এই টেবলেটখিনি গুৱাহাটীত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল।

বাহনখনৰ চালক আৰু হেণ্ডিমেনকে ধৰি মুঠ ৬ জন লোকক এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, আজিৰ দিনটোত ড্ৰাগছ জব্দ কৰাৰ এয়া তৃতীয়টো ঘটনা।

ইয়াৰ পূৰ্বে আজি গুৱাহাটীত আৰক্ষীয়ে ভাং বিক্ৰী কৰাৰ অভিযোগত এগৰাকী মহিলাক আটক কৰিছিল। ইয়াৰ উপৰি কামাখ্যা জংচন ৰে’লৱে ষ্টেচনত নিষিদ্ধ দ্ৰব্যসহ ৪০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল।