26 C
Guwahati
Saturday, December 4, 2021
More

    বিজয় দশমীৰ দিনাখনে ৰূপহীহাটত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰুদ্ৰৰূপ স্থানীয় ৰাইজৰ

    বিজয় দশমীৰ দিনাখনে ৰূপহীহাটত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰুদ্ৰৰূপ স্থানীয় ৰাইজৰ

    বিজয়া দশমী দিনটোতে ৰূপহীহাটৰ শালপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

    অঞ্চলটোৰ বহু সংখ্যক পুৰুষ-মহিলা ৰূপহীহাটত অবৈধভাৱে চলি থকা ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে মাৰ বান্ধি ওলাই আহে।

    ৰূপহীহাটৰ পশ্চিম শালপাৰাৰ-সুৰুজ আলী,  নাছিৰ উদ্দিন,  জামাল উদ্দিন  আৰু শ্বৰিফুল ইছলাম নামৰ লোক কেইজনে অঞ্চলটোত দীৰ্ঘ দিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল।

    ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে স্থানীয় ৰাইজে ৰূপহীহাট আৰক্ষীক খবৰ দিয়াৰ পিছতো কোনোধৰণৰ সুফল নোপোৱাত ৰাইজে নিজেই এনেধৰণৰ পদক্ষেপ লয়।

    স্থানীয় ৰাইজে ড্ৰাগছ সেৱন কৰাৰ বাবে ব্যাৱহাৰ কৰা জুপুৰি ঘৰো ভাঙি লণ্ড-ভণ্ড কৰে।

    অঞ্চলটোৰ ৰাইজে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ড্ৰাগছ মাফিয়াৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনায়।

    ইনপুট- মকছিদুল হক

    আৰু পঢ়ক : ফিলবাৰীত ছাত্ৰ-ছাত্ৰীৰ সন্মুখত শিক্ষয়ত্ৰীৰ ৰাজহুৱা আঁঠু, আছু নেতাক বহিস্কাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং