ড্ৰাগছ কানেকচনঃ দীপিকাৰ পিছত এইবাৰ পোহৰলৈ আহিল দিয়া মিৰ্জাৰ নাম

NCBৰ সূত্ৰ অনুসৰি গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ পেডলাৰছ্ অনুজ কেশৱানী আৰু অংকুশৰ সৈতে সোধা-পোছাৰ অন্তত এই অভিনেত্ৰীগৰাকীৰ নাম পোহৰলৈ আহিছে

0
1445

সুশান্ত সিং ৰাজপুত ঘটনাত ড্ৰাগছৰ গোচৰত বৰ্তমানলৈ বলীউডৰ কেইবাগৰাকীও অভিনত্ৰীৰ নাম পোহৰলৈ আহিছে।

ইয়াৰ মাজতে খবৰ এইটো যে অভিনেত্ৰী দিয়া মিৰ্জাও NCBৰ তালিকাত আছে।

তেওঁক সোধা-পোছাৰ বাবে মাতি পঠিওৱাৰ সম্ভাৱনা।

দীপিকাৰ পিছত এতিয়া পোহৰলৈ আহিছে দিয়াৰ নাম
উল্লেখ্য যে মঙলবাৰেই ড্ৰাগছ কানেকচনৰ তদন্তৰ সময়ছোৱাত NCBয়ে জানিবলৈ পাই এগৰাকী ৪০ বছৰৰ অভিনেত্ৰীৰ বিষয়ে।

কোৱা হৈছে যে ছাৰা আলী খান, দীপিকা পাডুকণ, শ্ৰদ্ধা কাপুৰ আৰু নম্ৰতা ছিৰোডকৰৰ পিছত দিয়াৰ নামো এতিয়া সংলগ্ন হৈছে।

সোধা-পোছাৰ বাবে NCB তেওঁক শীঘ্ৰে মাতি পঠিয়াব পাৰে।

NCBৰ সূত্ৰ অনুসৰি গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ পেডলাৰছ্ অনুজ কেশৱানী আৰু অংকুশৰ সৈতে সোধা-পোছাৰ অন্তত এই অভিনেত্ৰীগৰাকীৰ নাম পোহৰলৈ আহিছে।

দিয়াৰ মেনেজাৰে তেওঁলৈ ড্ৰাগছৰ চালান কৰিছিল।

তথ্য অনুসৰি ২০১৯ত দিয়াৰ বাবে ক্ৰয় কৰা ড্ৰাগছৰ উচিত তথ্য আৰু প্ৰমাণ NCBয়ে পাইছিল।

সূত্ৰ অনুসৰি, মেনেজাৰে ড্ৰাগছ পেডলাৰৰ সৈতে দুবাৰকৈ বৈঠকত বহিছিল।

ইয়াৰ বাবে আগন্তুক দিনত প্ৰথমে অভিনেত্ৰীগৰাকীৰ মেনেজাৰক সোধা-পোছা কৰাৰ সম্ভাৱনা।

আৰু ইয়াৰ পিছত অভিনেত্ৰীগৰাকীক মাতি পঠিওৱা হ’ব।

উল্লেখ্য যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু ঘটিঠিল ২০২০ৰ ১৪ জুনত।

ফ্লেটত তেওঁৰ মৃতদেহ পোৱা গৈছিল। ইয়াৰ পিছত সুশান্তৰ পিতৃয়ে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

ঘটনাটোৰ তদন্ত মুম্বাই আৰক্ষীৰ পৰা আৰম্ভ হৈছিল আৰু এতিয়া এই ঘটনাটোৰ সৈতে CBI, ED আৰু NCB তদন্ত অব্যাহত ৰাখিছে।

Photo Credit: Google