26 C
Guwahati
Thursday, September 16, 2021
More

    অবৈধ নিচা জাতীয় দ্ৰব্যৰ ঘাটিত পৰিণত বিলাসীপাৰাৰ নয়াহাট

    ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অবৈধ নিচাজাতীয় দ্ৰব্যৰ বেহা ।ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা বিলাসীপাৰাৰ নয়াহাটত আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অবৈধ নিচা জাতীয় ঔষধ জব্দ কৰে |

    বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত নয়াহাট আৰক্ষীয়ে নিশা জব্দ কৰে নিচা জাতীয় ঔষধ সমূহ | নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ফকিৰানিৰঝাৰ গাঁৱত আৰক্ষীয়ে জব্দ কৰে ঔষধ সমূহ |


    গোপন সুত্ৰৰ ভিত্তিত চলোৱা অভিযানত আৰক্ষীয়ে গাঁও খনৰ জাহানুৰ আলী ওৰফে নাদুৰ ঘৰত বিক্ৰীৰ বাবে মজুত ৰখা এহেজাৰ তিনি শ নিচা জাতীয় টেবলেট জব্দ কৰে | অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলাই যায় জাহানুৰ আলী নামৰ নিচা জাতীয় ঔষধ যোগান ধৰা যুৱক জন | অতি শীঘ্ৰে জাহানুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম বুলি মহকুমা আৰক্ষী বিষয়া জনে জানিবলৈ দিয়ে |

    Photo credit : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং