26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ড্ৰাগছ ক্ৰয় কৰিবলৈ বাইক চুৰিৰ চেষ্টা! ৰাইজে ধৰি উত্তম মাধ্যম দিলে যুৱকক

    ড্ৰাগছ ক্ৰয় কৰিবলৈ বাইক চুৰিৰ চেষ্টা! ৰাইজে ধৰি উত্তম মাধ্যম দিলে যুৱকক

    বিশ্বনাথ চাৰিআলিৰ বামগাঁৱত নিশা ৰাইজে আটক কৰিলে এজন ড্ৰাগছ আসক্ত যুৱকক ৷ মটৰ চাইকেল চুৰি কৰিবলৈ চেষ্টা কৰোতেই স্থানীয় ৰাইজে যুৱকজনক আটক কৰি উত্তম মধ্যম সোধাই তালাচী চলাওতেই উদ্ধাৰ হয় চিৰিঞ্জ আৰু নিচাযুক্ত দ্ৰব্য ৷

    লগে লগে স্থানীয় ৰাইজে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে আহি যুৱকজনক চমজি লয়৷

    যুৱকজন নিচাসক্ত হৈ থকাৰ বাবে আৰক্ষীয়ে নিশাই চিকিৎসালয়ত ভৰ্তি কৰে যুৱকজনক ৷ ধৃত যুৱকজন নৱপুৰৰ জিতেন হাজৰিকা বুলি জানিব পৰা গৈছে।

    দীৰ্ঘদিন ধৰি ড্ৰাগছ আসক্ত যুৱকজনে ড্ৰাগছ ক্ৰয় কৰিবলৈ বাইক চুৰি কৰিবলৈ চেষ্টা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে৷

    ইনপুট; ছয়নিকা ডেকা

    আৰু পঢ়ক : নিউজিলেণ্ডে ৰচিলে ইতিহাস! টিম ইণ্ডিয়াক পৰাস্ত কৰি জয় লাভ কৰিলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং