বাজেট অধিৱেশনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অনন্ত নাগেশ্বৰণক মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দায়িত্ব
কেন্দ্ৰীয় চৰকাৰে মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দায়িত্ব ড০ ভি অনন্ত নাগেশ্বৰণক অৰ্পণ কৰিছে। মোদী চৰকাৰৰ পৰা অনুমতি পোৱাৰ পিছত, তেওঁ দায়িত্ব গ্ৰহণ কৰিছে।
সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই ভি অনন্ত নাগেশ্বৰণক কেন্দ্ৰীয় চৰকাৰে এনে এক গধুৰ দায়িত্ব প্ৰদান কৰে। ৩১ জানুৱাৰিৰ পৰা চলিব সংসদৰ বাজেট অধিৱেশন।
উল্লেখ্য যে, অৰ্থনৈতিক সমীক্ষা বাজেট অধিৱেশনৰ প্ৰথম দিনা উপস্থাপন কৰা হয় আৰু ইয়াক প্ৰস্তুত কৰাৰ সম্পূৰ্ণ দায়িত্ব মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ ওচৰত থাকে।
তেওঁ ২০১৯ চনৰ পৰা ২০২১ চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ আংশিক সময়ৰ সদস্যও আছিল।
তেওঁ আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ পৰা মেনেজমেণ্টত স্নাতকোত্তৰ ডিপ্লোমা আৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।
আৰু পঢ়ক : জয়ন্ত চৌধুৰী জিন্দাবাদ ধ্বনি দি নিলম্বিত হ’ল দুগৰাকী আৰক্ষী জোৱান