26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হৃদয়বিদাৰক, বিচৰা মতে যৌতক নোপোৱাৰ ক্ষোভত স্বামী গৃহই জ্বলাই দিব ওলাইছিল বোৱাৰী, কথমপি প্ৰাণ ৰক্ষা

    হৃদয়বিদাৰক, বিচৰা মতে যৌতক নোপোৱাৰ ক্ষোভত স্বামী গৃহই জ্বলাই দিব ওলাইছিল বোৱাৰী, কথমপি প্ৰাণ ৰক্ষা। ৰাজ্যত আন এক যৌতুকজনীত ঘটনা সংঘটিত হৈছে। এইবাৰ মৰিগাঁৱওৰ শলমাৰিত এগৰাকী বোৱাৰীৰ কথমপি প্ৰাণৰক্ষা।

    যৌতুক বিচাৰি নিতৌ অত্যাচাৰ কৰে বোৱাৰীক । দাবী কৰিছিল এক লাখ টকা। পিছে বিচৰা মতে টকা নিদিয়াৰ বাবে প্ৰথমে মাৰপিট তাৰ পাছত জুই লগাই দিব ওলাইছিল স্বামী আৰু শাহু শহুৰে মিলি ।

    কথমপি প্ৰাণ ৰক্ষা কৰি বোৱাৰী গৰাকী পলাই আহি সোমাইছিল মৰিগাঁও আৰক্ষী থানাত । আৰু আৰক্ষীয়ে বোৱাৰী গৰাকীক নিশাই মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ।

    বোৱাৰীগৰাকীয়ে বিগত চাৰি বছৰ ধৰি যৌতকৰ বাবে অত্যাচাৰ সহি আহিছে স্বামীগৃহৰ পৰা । ইতিমধ্যে ভুক্তভোগী বোৱাৰগৰাকীৰ পৰিয়ালবৰ্গই এজাহাৰ দিছে মৰিগাঁও আৰক্ষী থানাত।

    আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি ধৃত স্বামীৰ নাম দম্বোধৰ ডেকা, আৰু শাহু কলিমাই ডেকা লগতে শহুৰ শনিবৰ ডেকা।

    Input and Photo – Kishor Deka Raja

    আৰু পঢ়ক : ভয়ংকৰ খোলোচা, চৰকাৰী টকা পাবৰ বাবে স্বামী জীৱিত থাকোতেই ২১ মহিলাই পিন্ধিলে বিধৱাৰ সাজ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং