আপোনাৰো টোপনি নাহে নেকি! চিন্তা নকৰিব, এইকেইটা ঘৰুৱা প্ৰতিকাৰে দিব সমাধান…

0
2481

ৰাতি আপোনাৰ টোপনি নাহে নেকি ? চিন্তা নকৰিব, এইকেইটা ঘৰুৱা প্ৰতিকাৰে আপোনাক দিব সমাধান…

স্বাস্থ্য বিশেষজ্ঞসকলে টোপনি নোহোৱা সমস্যাটোক স্বাস্থ্যৰ বাবে অতি গুৰুতৰ বুলি গণ্য কৰে। অনিদ্ৰাও বহু ৰোগৰ গুৰুতৰ কাৰক হিচাপে অধ্যয়নত প্ৰকাশ পাইছে। ৰাতি ভালদৰে টোপনি অহাত অসুবিধা হোৱা লোকৰ হৃদৰোগ, ডায়েবেটিছ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ সম্ভাৱনা বেছি।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে টোপনি নহাৰ বহু কাৰণ থাকিব পাৰে । কিছুমান বিশেষ ধৰণৰ স্বাস্থ্যজনিত সমস্যা আৰু কিছুমান ঔষধৰ অত্যধিক সেৱনৰ বাবেও আপোনাৰ টোপনি ব্যাঘাত জন্মিব পাৰে ।

টোপনিৰ সমস্যা হোৱা লোক বা মেলাটনিনৰ অভাৱ ধৰা পৰা লোকৰ বাবে মাছ খোৱাটো অতি উপকাৰী হ’ব পাৰে। শৰীৰক সুস্থ কৰি ৰখাৰ উদ্দেশ্যে অধ্যয়নত মাছ খোৱাটো উপকাৰী বুলি অভিহিত কৰা হৈছে।

গাখীৰ কেলচিয়ামৰ অন্যতম উত্তম উৎস বুলি জনা যায়, যিয়ে হাড়ক সুস্থ কৰি ৰখাৰ উপৰিও আন বহু দিশতো শৰীৰৰ বাবে উপকাৰী হ’ব পাৰে কিন্তু আপুনি জানেনে যে গাখীৰ খালে ভাল টোপনি অহাত সহায় কৰে।

অধ্যয়নত দেখা গৈছে যে গৰুৰ গাখীৰত মেলাটনিনৰ সমৃদ্ধ উৎস যিয়ে আপোনাক সুস্থ টোপনি লোৱাত সহায়ক হ’ব পাৰে। ইয়াৰ পৰা সৰ্বাধিক লাভ পাবলৈ গাখীৰৰ লগত মিহলি হলুদ সেৱন কৰিলে অধিক উপকাৰী হ’ব পাৰে।

ভাল টোপনিৰ বাবে প্ৰতিদিনে ২০ মিনিটৰ বাবে যোগাভ্যাস কৰক। ই আপোনাৰ পেশীবোৰ শিথিল কৰে আৰু আপোনাৰ মগজু শীতল কৰি ৰাখে। আপুনি এজন যোগ বিশেষজ্ঞৰ পৰা কেতবোৰ বিশেষ আসন জানি লওক।

এনেদৰে যোগাভ্যাস কৰিলে কেইদিনমানৰ ভিতৰতে আপুনি ভাল অনুভৱ কৰিব আৰু নিশা ভাল টোপনি যাব।