31 C
Guwahati
Thursday, August 4, 2022
More

    অসমৰ ভয়াবহ বান পৰিস্থিতি দেখি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আম্বানী পৰিয়ালৰ ২৫ কোটি টকা দান

    অসমৰ ভয়াবহ বান পৰিস্থিতি দেখি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২৫ কোটি টকা দান…বিগত কেইবাদিনো ধৰি ৰাজ্য়কৰ ভিন্ন অঞ্চলত বানৰ সংহাৰ।

    ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ জলপৃষ্ঠ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰায়বোৰ অঞ্চল এতিয়াও বানপানীত ডুবি আছে।

    এতিয়ালৈকে ২৮ খন জিলাৰ ৩৩ লাখৰো অধিক লোক বানপানীত ক্ষতিগ্ৰস্ত হৈছে। শুকুৰবাৰে চৰকাৰৰ তৰফৰ পৰা এই তথ্য প্ৰদান কৰা হয়।

    তথ্যত কোৱা হয় যে মে’ মাহৰ মাজভাগৰ পৰা এতিয়ালৈকে দুটা পৰ্যায়ত হোৱা বানপানীৰ ফলত ১১৭ জন লোকে প্ৰাণ হেৰুৱাইছে।

    কপিলী (ধৰমতুল, কামপুৰ), আৰু ব্ৰহ্মপুত্ৰ (ধুবুৰী) এতিয়াও বিপদ স্তৰৰ ওপৰেৰে বৈ আছে বুলি বিষয়াসকলে জনায়।

    বৰপেটা, নগাঁও, ধুবুৰী, কামৰূপ, দৰং, কাছাৰ, কৰিমগঞ্জ, দক্ষিণ শালমাৰা আৰু নলবাৰীত ব্যাপক ক্ষতিগ্ৰস্ত হৈছে বুলি বান প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

    প্ৰায় ৯১৬৫৮.৪৯ হেক্টৰ কৃষি ভূমি বানৰ কৱলত পৰিছে। অসমৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ২৫,৯৯,৭৫৬ লাখ পশু।

    তেনেক্ষেত্ৰত ৰাজ্যৰ লগতে দেশৰো বহু লোকে অসমলৈ বুলি আৰ্থিক সাহায্য প্ৰদান কৰিছে। এইবাৰ দেশৰ অন্যতম ধনাঢ্য মুকেশ আম্বানীয়েও অসমলৈ বুলি কিছু আৰ্থিক সাহায্য প্ৰদান কৰে।

    কালি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২৫ কোটি টকা দান কৰে আম্বানী পৰিয়ালৰ ফালৰ পৰা। এই গুৰুত্বপূৰ্ণ সময়ত অসমৰ জনসাধাৰণৰ সৈতে থিয় দিয়াৰ বাবে মুকেশ আম্বানী আৰু তেখেতৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীয়ে।

    লগতে এই দানেৰে অসমৰ বান সাহায্যব্যৱস্থা বৃদ্ধিত বহুদূৰ আগবাঢ়িব বুলিও মন্তব্য কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং