26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    স্থায়ী ৰূপে নিষিদ্ধ ঘোষণা ডনাল্ড ট্ৰাম্প… কিন্তু ক’ত, কিয়, কেনেকৈ?

    আমেৰিকাৰ সংসদ ভৱনত হোৱা হিংসাত্মক ঘটনাৰ পিছতে দেশখনৰ মাইক্ৰ’ ব্লগিং ৱেবছাইট টুইটাৰৰ বৃহৎ সিদ্ধান্ত। নিষিদ্ধ ঘোষণা ডনাল্ড ট্ৰাম্পক। টুইটাৰৰ ব্যক্তিগত একাউণ্ট ব্যৱহাৰত স্থায়ী ৰূপত নিষিদ্ধ ট্ৰাম্পক।

    হিংসাত্মক কাৰ্যকলাপত উচতনি দিয়া কাৰ্য্যৰ বাবে ডনাল্ড ট্ৰাম্পক টুইটাৰত স্থায়ী নিষিদ্ধ ঘোষণা কৰা হয় ।

    ইয়াৰ বাহিৰে অন্য সামাজিক মাধ্যম ফেচবুক ইনষ্টাগ্ৰামতো অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ কৰি থোৱা হৈছে ট্ৰাম্পক। এই নিষিদ্ধতা পিছলৈ স্থায়ী ৰূপ পাব পাৰে নাইবা উঠাই লব পাৰে। তাৰ ওপৰত কোনো নিশ্চয়তা নাই।

    উল্লেখ্য যে ট্ৰাম্পৰ সমৰ্থকে ৭ জানুৱাৰী তাৰিখে আমেৰিকা কেপিটেল হিল স্থিত সংসদ ভৱনৰ সমুখত হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰিছিল। পিছত অনিয়ন্ত্ৰিত প্ৰতিবাদীক নিয়ন্ত্ৰণলৈ নিবলৈ গুলিচালনা কৰিছিল সুৰক্ষাকৰ্মীয়ে। সেই গুলিচালনাত ৪ জন লোকৰ মৃত্যু হৈছিল, লগতে বহু লোক আহত হৈছিল।

    Photo Credit: The Nation

    Photo Credit: The Nation

    আৰু পঢ়ক : অসমৰ পিছত পঞ্জাৱতো নিষিদ্ধ বহিঃৰাজ্যৰ পৰা যোৱা কুকুৰা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং