ভাৰতৰ পথকে অনুসৰণ আমেৰিকাৰ! এইবাৰ ট্ৰাম্পৰ মুখত টিকটক

0
121
প্ৰতীকি ফটো

কেৱল ভাৰতৰে নহয়, আমেৰিকাৰো বৈৰী চীন। সেই কথা বিভিন্ন সময়ত প্ৰমাণ হৈ আহিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও বাৰে বাৰে নিজৰ ভাষ্যত তাকে প্ৰমাণ কৰি আহিছে। ভাৰতৰ পৰা টিকটত নিষিদ্ধ কৰাৰ পিছতে চৰ্চা চলিছিল টিকটকৰ পৰা চীনে সৰকাৰ পাৰে নেকি ভাৰতৰ প্ৰসংগত তথ্য? এইবাৰ চিন্তাত পৰিছে আমেৰিকা। নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে টিকটক।

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে টিকটক নিষিদ্ধ কৰাৰ ইংগিত দিছে। আমেৰিকাৰ বিভিন্ন সংস্থা তথা লোকে এইলৈ নিজা মত প্ৰকাশ কৰা বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে সদৰি কৰিছে। সন্দেহ কৰিছে টিকটকৰ দ্বাৰা আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ বিভিন্ন তথ্য চীনে সৰকাই নিব পাৰে।

অৱশ্যে এনেদৰে চৰ্চা চলাৰ মাজতে এপটোৰ পৰা চীনে তথ্য সংগ্ৰহ কৰাৰ তথা লাভ কৰাৰ প্ৰসংগ নুই কৰিছে টিকটকে। তাৰ মাজতে ট্ৰাম্পে কৈছে, ”আমি আমেৰিকাৰ পৰা টিকটক বন্ধ কৰাৰ কথা চিন্তা কৰিছো।”

এই প্ৰসংগত অৱশ্যে আমেৰিকাৰ কমিটি ফৰ ফৰেইন ইনভেষ্টমেন্টে অধিক সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। কাৰণ এই সংস্থাটোৱে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটোত চকু দিয়ে।

Photo Credit: Rolling Stone