ড’নাল্ড ট্ৰাম্পৰ আদৰণি অনুষ্ঠানত জিলিকিল অসমৰ স্বাভিমান বিহু

গুৱাহাটীৰ হীৰেন শৰ্মাৰ নেতৃত্বত যোৱা অসমৰ এই নজনীয়া বিহুদলটিয়ে ৰাজ্যবাসীৰ হৈ ট্ৰাম্পক আদৰিলে দেশলৈ

0
71

দেশবাসীৰ উৎসুকতাৰ অন্ত পেলাই অৱশেষত সাত সাগৰ তেৰ নদী পাৰ হৈ ভাৰতত পৰিয়াল সহিতে উপস্থিত হ’ল বিশ্বৰ মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ড’নাল্ড ট্ৰাম্প। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণমৰ্মে সোমবাৰে দুপৰীয়া ট্ৰাম্প উপস্থিত হ’ল আহমেদাবাদ বিমান বন্দৰত। ট্ৰাম্পৰ লগত আহিল পত্নী মেলানিয়া আৰু কন্যা ইভাংকাও। সৱৰমতী নৈৰ পাৰত দেশৰ ২৮ খন ৰাজ্যৰ বৈচিত্ৰ্যময় কলা-সংস্কৃতি প্ৰদৰ্শন কৰি ট্ৰাম্পক আড়ম্বৰপূৰ্ণ আদৰণি দেশবাসীৰ।

সবৰমতী নৈৰ পাৰত দেশৰ বিভিন্ন কলা-সংস্কৃতি প্ৰদৰ্শন কৰি দেশলৈ আদৰণি জনোৱা হ’ল ট্ৰাম্পক। সমান্তৰালভাৱে উজলি উঠিল প্ৰতিজন অসমীয়াৰ স্বাভিমান বিহুটিও! ঢোলৰ গুমগুমণি টিঁহিতি পেঁপাৰ শব্দ, গগণাৰ মাত, বিহুৱা-বিহুৱতীৰ নাচৰ তালেৰে দেশলৈ আদৰণি জনোৱা হ’ল ট্ৰাম্পক। গুৱাহাটীৰ হীৰেন শৰ্মাৰ নেতৃত্বত যোৱা অসমৰ এই নজনীয়া বিহুদলটিয়ে ৰাজ্যবাসীৰ হৈ ট্ৰাম্পক আদৰিলে দেশলৈ।

বিহু দলটোত আছে হাজো বামুন্দীৰ ব্ৰজেন ৰাজবংশী,গুৱাহাটীৰ প্ৰাণজিৎ দাস,অমৰজ্যোতি বৰা,পৱিত্ৰ বড়ো, পূৰৱী দে,নলবাৰীৰ মৃগেন দাস,সীমা বৈশ্যৰ লগতে মংগলদৈৰ মধুস্মিতা শৰ্মা।বিশ্ব দৰবাৰত আকৌ উজ্বলি উঠিল আমাৰ প্ৰাণৰো প্ৰাণৰ আপোন বিহু। আমাৰ জাতীয় স্বাভিমানক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰি ইতিমধ্যে ৰেলগাড়ীৰে ওভতনি যাত্ৰা আৰম্ভ কৰিছে অসমৰ এই বিহু দলটিয়ে।

Photo Credit:@hirakdeka