34 C
Guwahati
Tuesday, September 20, 2022
More

    কমনৱেল্থ গেইমছ : বক্সিঙত দুটা পদক নিশ্চিত ভাৰতৰ

    বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছ ২০২২-ত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ভাৰতৰ পদকৰ সংখ্যা। ভাৰোত্তোলন, জুডো আৰু টেবুল টেনিছত পদক লাভ কৰাৰ পিছত ভাৰতে বক্সিংতো প্ৰথম সফলতা লাভ কৰিছে।

    প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা যুৱ বক্সাৰ নীতু ঘাংগাই বক্সিঙৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিছে।

    উত্তৰ আয়াৰলেণ্ডৰ বক্সাৰক পৰাস্ত কৰাৰ লগে লগে নীতুৰ পদক নিশ্চিত হয়।

    ভাৰতৰ অন্যতম সফল আৰু শ্ৰেষ্ঠ বক্সাৰ মেৰী কমৰ ঠাইত ৪৮ কেজি ওজনৰ শাখাত খেলাৰ সুযোগ লাভ কৰা ২১ বছৰীয়া নীতুৱে পোনে পোনে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰিছিল।

    দুবাৰৰ বিশ্ব যুৱ বক্সিং চেম্পিয়ন নীতুৱে কোৱাৰ্টাৰ ফাইনেলত অতি সহজে বিপক্ষৰ খেলুৱৈগৰাকীক পৰাস্ত কৰি ছেমিত প্ৰৱেশ কৰে।

    ইফালে ৫৭ কেজি শাখাত নামিবিয়াৰ বক্সাৰক ৪-১ ব্যৱধানত পৰাস্ত কৰি ভাৰতৰ মহম্মদ হুছামুদ্দিনে ছেমি ফাইনেলত প্ৰৱেশ কৰে আৰু বক্সিঙত দ্বিতীয়টো পদক নিশ্চিত কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং