28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কুকুৰ বিচাৰক লাভ কৰক প্ৰায় ৪ কোটি টকা! মালিকে লগে লগে হাততে দিব টকাৰ বাণ্ডিল

    কুকুৰ বিচাৰক লাভ কৰক প্ৰায় ৪ কোটি টকা! মালিকে লগে লগে হাততে দিব টকাৰ বাণ্ডিল

    দুটা কুকুৰে তোলপাৰ লগাইছে সংবাদ মাধ্যম! যাক বিচাৰি এতিয়া আৰক্ষীয়ো তীব্ৰতৰ কৰি তুলিছে তদন্ত। আনকি মালিকে ঘোষণাই কৰি দিলে হেৰুৱা কুকুৰ দুটা বিচাৰি দিব পাৰিলে সন্ধান দিওতাই লাভ কৰিব ৩ কোটি টকাৰো অধিক।

    এই বিশেষ কুকুৰ কেইটা হৈছে বিশ্ব সংগীত জগতৰ সবাতোকৈ ধনী শিল্পী লেডী গাগাৰ। অতিকে মৰমৰ কুকুৰ পোৱালী কেইটাৰ দুটা কোনো দুৰ্বৃত্তই লৈ গুচি যায়।

    নিশাৰ ভাগত ফুৰিবৰ বাবে যাওতেই কুকুৰ কেইটা চোৱাচিতাৰ দায়িত্বত থকা লোকগৰাকীক গুলিয়াই কোনো আততায়ীয়ে লৈ যায় দুটা কুকুৰ। আনহাতে এটা কোনোমতে তাৰ পৰা পলাই সাৰে।

    লেডী গাগাৰ অতিকে প্ৰিয় এই কুকুৰ কেইটা প্ৰায় সকলো সময়তে লগত থাকে লেডী গাগৰ। যাৰ বাবে এনে এক ঘটনা সংঘটিত হোৱাত বিচলিত হৈ পৰিছে লেডী গাগ। আৰু কুকুৰ দুটাৰ সন্ধান দিওতাক ৫ লাখ ডলাৰ দিব যি ভাৰতীয় হিচাপত ৩ কোটি ৬৫ লাখ টকা।

    আৰু পঢ়ক : ঢেকিয়াজুলি হত্যাকাণ্ড! দোষীৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ গাঁৱবাসীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং