কুকুৰক প্ৰভুভক্ত বুলি কোৱা হয় । বহু সময়ত কুকুৰে সহায় কৰা দেখা যায়।উত্তৰ টুৰ্কীৰ এখন চিকিৎসালয়ৰ বাহিৰৰ এটি ভিডিঅ ভাইৰেল হৈছে।
চিকিৎসালয়ৰসন্মুখত এটা কুকুৰ দেখিলৈ পোৱা গৈছে। এই ভিডঅটো ছচিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হোৱা দেখা যায়।
উল্লেখ্য যে, কুকুৰটোৱে চিকিৎসালয়ৰ বাহিৰত পুৱাৰ পৰা সন্ধিয়ালৈকে মালিকৰ স্বাস্থ্য ঠিক হোৱা অপেক্ষা কৰি থাকে। এই ভিডিঅটো এটা কুকুৰ আৰু তেওঁৰ মালিকৰ মাজত থকা ভাল সম্বন্ধৰ নিদৰ্শন ।
জানিব পৰা মতে চিকিৎসালয়ত কুকুৰটোৰ মালিকৰ কেইবাদিনো ধৰি চিকিৎসা চলি আছে। পোহনীয়া কুকুৰটোৰ নাম বোনকুক আৰু মালিকৰ নাম কেমল ।