তেজপুৰত কুকুৰে ভক্ষণ কৰিলে কৰ’ণাত মৃত্যু হোৱা লোকৰ শৰীৰৰ মাংস

0
165

কুকুৰে ভক্ষণ কৰিলে কৰ’ণাত মৃত্যু হোৱা এগৰাকী লোকৰ শৰীৰৰ মাংস। এই ঘটনা সংঘতিত হৈছে তেজপুৰত।

শোণিতপুৰ জিলাৰ ৰাক্ষসমাৰীত কভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোক এজনৰ মৃতদেহৰ পৰা কিছু ভক্ষম কৰে বাটৰ কুকুৰে। কালি ১৩ ছেপ্টেম্বৰ তাৰিখে তেজপুৰ চিকিৎসা মহাবিদ্যালয় মৃত্যুবৰণ কৰিছেল লোকজনে। নাম দীলিপ দত্ত।

সেই দীলিপ দত্তৰে মৃত শৰীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ মুহূৰ্তত পৰিধান নকৰিলে কোনো পি পি ই কিট। আনহাতে দীলিপ দত্তৰ মৃত দেহতো সম্পূৰ্ণ নজ্বলাই আধাতে দায়িত্ব সামৰি গুচি যোৱাৰ পাছত শৰীৰৰ কিছু অংশ কুকুৰে ভক্ষণ কৰা লগতে উক্ত অঞ্চলৰ বিভিন্ন ঠাইত সিঁচৰিত কৰে।

এই ঘটনাৰ পিছতে উক্ত অঞ্চলত হাহাকাৰ সৃষ্টি হয়। পিছলৈ স্থানীয় ৰাইজৰ সহযোগত ৰাক্ষসমাৰী আৰক্ষী আৰু ঢেকীয়াজুলি পৌৰসভাৰ সহযোগত সিচৰিত অংশ সমূহ পুতি পেলোৱাৰ ব্যৱস্থা কৰে।

Photo Credit: India Today