২৬ বছৰীয়া যুৱকৰ পেটৰ পৰা চিকিৎসকে উলিয়ালে ভদকাৰ বটল, এজনক গ্ৰেপ্তাৰ

0
5216
প্ৰতিনিধিত্বমূলক চিত্ৰ

পেটৰ ভিতৰত ভদকাৰ বটল। বটলটো উলিয়াবৰ বাবে এজন ২৬ বছৰীয়া যুৱকে কৰিবলগীয়া হ’ল অস্ত্ৰোপচাৰ। পঢ়ি আচৰিত আচৰিত লগা এই ঘটনাটো ঘটিছে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত।

ইতিমধ্যে দেশখনৰ ৰাউতাহাট আৰক্ষীয়ে এই ঘটনাৰ বাবে শ্বেখ চেমিম নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰি প্ৰয়োজনীয় তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, প্ৰচণ্ড পেটৰ বিষত ভোগাৰ পিছতে নুৰছাদ মনছুৰী (২৬)ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। দ্য হিমালয়ান টাইমছ কাকতে প্ৰকাশ কৰা অনুসৰি মেডিকেল টেকনিচিয়ানে আল্ট্ৰাছাউণ্ড কৰাত যুৱকজনৰ পেটৰ ভিতৰত সুৰাৰ বটল থকা বুলি নিশ্চিত কৰে।

ইয়াৰ পিছতে আৰম্ভ হয় অস্ত্ৰোপচাৰ। ডেৰ-দুই ঘণ্টাজুৰি চলোৱা অস্ত্ৰোপচাৰৰ অন্ততহে বটলটো সফলতাৰে উলিয়াবলৈ সক্ষম হয়।

অস্ত্ৰোপচাৰৰ অন্তত চিকিৎসকে জানিবলৈ দি কয় যে সুৰাৰ বটলটো যুৱকজনৰ মলদ্বাৰৰ জৰিয়তে পেটত জোৰকৈ সোমাই দিয়া হৈছিল, কিন্তু ভাগ্য ভাল যে মলদ্বাৰৰ কোনো ক্ষতি হোৱা নাই।

ইতিমধ্যে ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰাৰ উপৰি আৰক্ষীয়ে নুৰছাদৰ আন আন বন্ধু-বান্ধৱকো সোধা-পোচা অব্যাহত ৰাখিছে।