হৃদৰ ৰোগ বুলি বুকুৰ বিষ লৈ চিকিৎসকৰ কাষ চাপিছিল ব্যক্তি, হাঁওফাঁওত ধৰা পৰিল নাকফুলিহে…

0
10690
প্ৰতিনিধিত্বমূলক চিত্ৰ

হৃদৰ ৰোগ বুলি বুকুৰ বিষ লৈ চিকিৎসকৰ কাষ চাপিছিল ব্যক্তি, হাঁওফাঁওত ধৰা পৰিল নাকফুলিহে…

প্ৰায়ে শুনা যায় যে অস্ত্ৰোপচাৰৰ সময়ত কাৰোবাৰ পেটত টাৱেল থাকি যোৱা, কাৰোবাৰ পেটৰ আঙুঠি ওলোৱা আদি। এইবাৰ তেনেই এক আচৰিত ঘটনা আহিছে।

য’ত এজন ব্যক্তিয়ে হৃদৰ ৰোগ বুলি বুকুৰ বিষ লৈ চিকিৎসকৰ কাষ চাপিছিল। কিন্তু চিকিৎসকে বহু চিকিৎসা কৰিয়ো সুফল নোপোৱাত শেষত এক্স-ৰে কৰোৱাই ব্যক্তিগৰাকীৰ। সেই এক্স-ৰেতে ধৰা পৰে অন্য কাণ্ডহে।

৫ বছৰ পূৰ্বে হেৰুওৱা সেই ব্যক্তিগৰাকীৰে নাকফুলপাত ধৰা পৰে হাঁওফাঁওত। যি ঘটনাই চিকিৎসকৰ লগতে সেই ব্যক্তিগৰাকীকো আচৰিত কৰি তুলিছে।

এই ঘটনা আমেৰিকা যুক্তৰাষ্ট্ৰ। জোই লিকিন্স নামৰ লোকগৰাকীয়ে ৫ বছৰ পূৰ্বে হেৰুৱাইছিল কলা ৰঙৰ মেটেলৰ প্লাষ্টিকৰ ডাঠ আৱৰণ থকা এক নাকফুল।

বহু বিচাৰ খোচাৰ কৰি শেষত বিফল হৈছিল জোই। পাছত সেই নাকফুলৰ আশাই বাদ দিছিল । কিন্তু ৫ বছৰৰ পাছত সেই নাকফুলৰ সন্ধান ওলাই। ৫ বছৰে জোইৰ হাঁওফাওঁত সোমাই আছিল সেই নাকফুল।

০.৬ ইঞ্চিৰ সেই নাকফুলপাত বিগত ৫ টা বছৰে ধৰি লোকগৰাকীৰৰ শৰীৰৰ ভিতৰতে থাকে। অৱশ্যে সেই নাকফুলে কোনো ক্ষতি কৰা নাই হাঁওফাঁওৰ।

বৰ্তমানে এক সফল অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে সুকলমে বাহিৰ কৰা হয় সেই নাকফুল।