চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে দুই সন্তানসহ এগৰাকী চিকিৎসক

0
847

চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে দুই সন্তানসহ এগৰাকী চিকিৎসক

আজি ২৫ ছেপ্টেম্বৰ দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ ৰেনিগুণ্টাত নৱনিৰ্মিত এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত এজন চিকিৎসক আৰু তেওঁৰ দুই সন্তান অগ্নিদ্বগ্ধ হৈ নিহত হয়।

চিকিৎসকজনে তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰা চিকিৎসালয়ৰ ভৱনটোৰ ওপৰৰ মহলাত জুই লাগিছিল। ড০ ৰবিশংকৰ ৰেড্ডী আৰু তেওঁৰ পুত্ৰ আৰু কন্যাই প্ৰাণ হেৰুৱাই এই অগ্নিকাণ্ডত।

চিকিৎসকগৰাকীৰ পত্নীয়ো পেছাত এগৰাকী চিকিৎসক। পত্নী ড০ অনন্ত লক্ষ্মী আৰু মাতৃক স্থানীয় লোকে কোনোমতে উদ্ধাৰ কৰে।

ঘটনাটো তিৰুপতিৰ মন্দিৰ চহৰৰ ওচৰৰ ৰেনিগুণ্টাৰ ভগত সিং নগৰৰ চিকিৎসালয়ত সংঘটিত হয়। ঘটনাৰ সময় পুৱা প্ৰায় ৪.৩০ বজা। সৌভাগ্যক্ৰমে শেহতীয়াকৈ খোলা চিকিৎসালয়খনত ঘটনাৰ সময়ত কোনো ৰোগী নাছিল।

অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে দুই সন্তান ভাৰত (১২) আৰু কাৰ্তিকা (১৫)ক আন এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰে য’ত তেওঁলোকে মৃত্যু হয়।

আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, শ্বৰ্ট-চাৰ্কিটৰ ফলতে এই জুই লাগিছিল। পাছে বিতং অনুসন্ধানৰ পিছতহে জুইলগাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।