শিঙিমাৰীত এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিল কৰ’ণা ভাইৰাছ

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে কাষতে দেখা গৈছিল কৰ'ণাত আক্ৰান্ত চিকিৎসকজনক

0
77

কৰ’ণা যোদ্ধাৰ দেহত কৰ’ণাৰ অৱস্থিতি। শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডাঃ দীপক চন্দ্ৰ দাসৰ দেহত ধৰা পৰিল COVID19 পজিটিভ। শুৱালকুছি হস্পিতালৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দীপক চন্দ্ৰ দাস। সোমবাৰে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিঙিমাৰী হাস্পতাল পৰিদর্শনৰ সময়ত বহু মানুহৰ সংস্পৰ্শলৈ আহিছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে কাষতে দেখা গৈছিল কৰ’ণাত আক্ৰান্ত চিকিৎসকজনক।

এই খবৰৰ পিছতে অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে। সোমবাৰৰ অনুষ্ঠানত উপস্থিত আছিল বহু লোক। উল্লেখ্য যে ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমানলৈ অসমত ১৪৮৫জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে। সুস্থ হৈ উঠিছে ২৮৪জন লোক, সক্ৰিয় লোকৰ সংখ্যা হৈছে ১১৯৪জন লোক আৰু এইপৰ্যন্ত মৃত্যু হৈছে ৪জন লোকৰ। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা সদৰি কৰে।

Photo: Time8