পেটৰ বিষৰ যন্ত্ৰনাত গৈছিল হস্পাতাললৈ, চিকিৎসকে পাথৰৰ সলনি উলিয়াই আনিলে কিডনী, মৃত্যু

0
643
৭০ বছৰীয়া বৃদ্ধাই বুকুৰ বিষত গৈছিল হস্পাতাললৈ, কিন্তু চিকিৎসকে কৰিলে ভুল

পেটৰ বিষৰ যন্ত্ৰনাত গৈছিল হস্পাতাললৈ, চিকিৎসকে পাথৰৰ সলনি উলিয়াই আনিলে কিডনী, মৃত্যু

বহু সময়ত চিকিৎসক সকলেও ভুল কৰা দেখা যায়। ভুল চিকিৎসাৰ বাবে বহুসময়ত কোনো লোকে প্ৰাণ হেৰুওৱাও পৰিলক্ষিত হয়।

এনেধৰণৰ এক ঘটনা সংঘটিত হৈছে গুজৰাটত। এজন ৰোগী কিডনীত হোৱা পাথৰৰ অস্ত্ৰো-প্ৰচাৰৰ বাবে হস্পাতালত ভৰ্তি হয়, কিন্তু চিকিৎসকে ৰোগী জনৰ কিডনী উলিয়াই আনে। এই ঘটনাৰ ৪ মাহ পিছত ব্যক্তি জনৰ মৃত্যু হয়।

এই ঘটনাৰ পিছতেই গুজৰাট ষ্টেট কনজিউমাৰ ডিচপিউট ৰিডকিছেল কমিচনে বালাসিনোপপ কেএএমজি হস্পাতালক ৰোগীৰ পৰিয়ালক ১১.২৩ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য দিয়াৰ আদেশ দিয়ে।

উল্লেখ্য যে, আদালতে এই ঘটনাৰ বাবে হস্পাতালক দায়ী কৰিছে।আদালতৰ মতে হস্পাতাল আৰু কৰ্মচাৰী সকল তেওঁলোকে কৰা কামৰ বাবে দায়ী।আদালতে হস্পাতাল খনক ২০১২ চনৰ পৰা এতিয়ালৈকে ৭.৫ শতাংশ সূতৰ সহায়ত আৰ্থিক সাহাৰ্য্য আগবঢ়াবলৈ কয়।

ঘটনাৰ বিৱৰণী অনুসৰি দেৱেন্দ্ৰভাই ৰাৱলে পেটৰ বিষৰ বাবে হস্পাতাললৈ গৈছিল। পিছত গম পোৱা যায় যে তেওঁৰ কিডনীত পাথৰ হৈছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ২০১১ চনৰ ৩ ছেপ্টেম্বৰত তেওঁৰ অস্ত্ৰো-প্ৰচাৰ হয়।কিন্তু চিকিৎসকে কয় যে পাথৰৰ সলনি তেওঁৰ কিডনী উলিয়াই দিয়া হয়।

কিন্তু তাৰপিছত ব্যক্তিজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব ধৰে আৰু ২০১২ চনৰ ৮ জানুৱাৰীত তেওঁৰ মৃত্যু হয়।

আৰু পঢ়ক : জাতিগত মন্তব্য কৰি গ্ৰেপ্তাৰ এইগৰাকী অভিনেত্ৰী, ৩ ঘণ্টা ধৰি জেৰাৰ অন্তত জামিন