26 C
Guwahati
Friday, September 17, 2021
More

    নাৰী দেখিলেই জঁপিয়াই পৰে একাংশ! ৰোগীক ধৰ্ষণৰ চেষ্টা আৰু মাৰপিট চিকিৎসকৰ, চিকিৎসাধীন মহিলা

    নাৰী দেখিলেই জঁপিয়াই পৰে একাংশ! ৰোগীক ধৰ্ষণৰ চেষ্টা আৰু মাৰপিট চিকিৎসকৰ, চিকিৎসাধীন মহিলা

    প্ৰতিদিনেই দেশত নাৰীজনিত অপৰাধমূলক ঘটনা বৃদ্ধি হৈ আহিছে। ইয়াৰ মাজতে এগৰাকী চিকিৎসকৰ নিন্দনীয় কাণ্ড পোহৰলৈ আহিছে।

    বিহাৰৰ হাজীপুৰত এজন চিকিৎসকৰ নিৰ্লজ্জ কাণ্ড পোহৰলৈ আহিছে।জানিব পৰা মতে এগৰাকী মহিলা ৰোগীকক চিকিৎসকে ধৰ্ষণ কৰাৰ চেষ্টা কৰে আৰু পিছত মাৰপিট কৰে।

    এই সমগ্ৰ ঘটনা ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে আৰু তাৰ পিছতেই চিকিৎসকজন পলাই যায়।

    মহিলা গৰাকীয়ে চিকিৎসক গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। জানিব পৰা মতে মহিলা গৰাকী আৰু তেওঁৰ পুত্ৰক হস্পাতালত ভৰ্তি কৰোৱা হৈছে।

    ঘটনাৰ বিৱৰণী অনুসৰি মহিলা গৰাকী চিকিৎসকৰ ওচৰলৈ গৈছিল আৰু তেতিয়াই চিকিৎসকজনে তেওঁক অশালীন ব্যৱহাৰ কৰাৰ লগতে ধৰ্ষণ কৰাৰ চেষ্টা কৰে। মহিলা গৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰি সকলোকে ঘটনা সম্পৰ্কে জনাই।

    তাৰ পিছতেই চিকিৎসকজনৰ গুণ্ডাবাহিনীয়ে মহিলা গৰাকী আৰু শিশুটিক মাৰপিট কৰে আৰু এই সমগ্ৰ ঘটনা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। বৰ্তমান চিকিৎসাধীন হৈ আছে মাতৃ-পুত্ৰ। লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

    আৰু পঢ়ক : মহানগৰীত চাঞ্চল্য! সতীৰ্থই মুৰত কোবাই হত্যা কৰিলে যুৱক,

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং