26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বহিঃৰাজ্যৰ সতীৰ্থ মহিলা চিকিৎসকক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ডাঃ নয়নজ্যোতি ডেকা

    ডিব্ৰুগড়স্থিত সঞ্জীৱনী হাস্পতালত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত হাস্পতালখনতে কৰ্মৰত ডাঃ নয়নজ্যোতি ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

    জানিব পৰা মতে, ব্যক্তিগত হাস্পতালখনৰ চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাই যোৱা নিশা কৰ্তব্যৰত অৱস্থাত বহিঃৰাজ্যৰ এগৰাকী মহিলা সহকৰ্মী চিকিৎসকক বলাৎকাৰ কৰে।

    হাস্পতালখনৰ এটা কোঠাত সংঘটিত এই জঘন্য ঘটনাৰ সত্য সত্যতা আজি পুৱাহে পোহৰলৈ আহে যেতিয়া ভুক্তভোগী মহিলা চিকিৎসক গৰাকীয়ে ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীত চিকিৎসক নয়নজ্যোতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

    আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ পিছত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬, ৩২৮ ধাৰাত ১২২১/২১ নম্বৰত এটি গোচৰ ৰুজু কৰি চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাক গ্ৰেপ্তাৰ কৰে।

    গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীয়ে অভিযুক্ত চিকিৎসক গৰাকীক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ঘটনা সন্দৰ্ভত সোধা-পোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।  

    ইফালে ভুক্তভোগী মহিলা চিকিৎসক গৰাকীয়ে অভিযোগ কৰি কয় যে ডাঃ নয়নজ্যোতি ডেকাই মাদক দ্ৰব্য সেৱন কৰি এই কাৰ্য সংঘটিত কৰিছিল।

    উল্লেখ্য যে এগৰাকী চিকিৎসকে আন এগৰাকী সহকৰ্মী মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলোৱা ঘটনাই ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।  

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং