25 C
Guwahati
Sunday, May 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গহপুৰত কভিডৰ ভয়ংকৰ ৰূপ; চিকিৎসক, চিকিৎসা কৰ্মীৰ দেহত কভিড-১৯

    গহপুৰত কভিডৰ ভয়ংকৰ ৰূপ; চিকিৎসক, চিকিৎসা কৰ্মীৰ দেহত কভিড-১৯

    কভিডৰ দ্বিতীয় লহৰত বাৰুকৈ প্ৰভাৱিত হৈছে গহপুৰ। প্ৰতিটো দিনাই বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা।

    শেহতীয়াকৈ কভিডক লৈ এক ভয়ংকৰ খবৰে জোকাৰি গৈছে গহপুৰক। শেহতীয়াকৈ গহপুৰ মহকুমাৰ একমাত্ৰ ৩০ খন বিচনা যুক্ত অসামৰিক চিকিৎসালয় খনৰ চিকিৎসা কৰ্মী আৰু নাৰ্চৰ গাত কভিড ১৯ ধৰা পৰিছে।

    ইয়াৰ উপৰি গহপুৰৰ প্ৰাইভেট চেম্বাৰত বহা এজন চিকিসৎকো কভিড আক্ৰান্ত হৈছে।

    গহপুৰৰ উন্নত চিকিৎসাৰ একমাত্ৰ ভৰষাৰ স্থল চিকিৎসালয় খন পৰিণত হৈছে কভিড হট স্পটত।

    চৰকাৰী তথ্য অনুসৰি ৪মে’ বিয়লি ৬ বজা পৰ্যন্ত সৰ্বমুঠ গহপুৰৰ ১০০ জন ৰোগীৰ গাত কভিড ধৰা পৰাৰ লগতে আৰোগ্য হৈ উঠিছে মাত্ৰ ১০ জন।

    উল্লেখ্য যে, টেষ্ট কিটৰ অভাৱত সীমিত সংখ্যক লোকক টেষ্ট কৰাৰ বাবে প্ৰকৃত আক্ৰান্তৰ সংখ্যা পোহৰলৈ অহা নাই।

    ইনপুট : মুন গগৈ

    আৰু পঢ়ক : নিজ কন্যাক নগ্ন কৰি অমানুষিক অত্যাচাৰ কৰা পাষণ্ড পিতৃক গ্ৰেপ্তাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং