28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হোজাইৰ চাঞ্চল্য মাৰ নৌযাওতেই ৰাজ্যত পুনৰ সংঘটিত হ’ল চিকিৎসক আক্ৰমণৰ ঘটনা

    হোজাইৰ উদালি কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ চিকিৎসক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এইখন অসমত।

    এইবাৰ বিশ্বনাথৰ মাজুলিগড় চাহ বাগিচাৰ চিকিৎসক বসন্ত গোস্বামীক (৮১) শ্ৰমিকৰ তিনিজনীয়া এটা দলে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

    জানিব পৰা মতে, ক’ভিডৰ বাবে বাগিচাৰ বজাৰ বন্ধ ঘোষণা কৰাৰ বাবে ক্ষুব্ধ শ্ৰমিক তিনিজনে সান্ধ্য ভ্ৰমণৰ সময়ত প্ৰায় ৫.৩০ বজাত চিকিৎসক গৰাকীক আক্ৰমণ কৰে।

    আক্ৰমণত সামান্য পৰিমানে আহত হোৱা চিকিৎসক গৰাকীক নিশা কঠোৰ নিৰাপত্তাৰ মাজত বাগিচাৰে বাঙলোত ৰখা হৈছিল।

    ইফালে আজি পুৱা চিকিতসক গৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ অনা হয়।

    জানিব পৰা মতে এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত চিকিৎসক গৰাকীয়ে আজি আৰক্ষীক অভিযোগ দাখিল কৰিব বুলি জানিব পৰা গৈছে।   

    ইনপুট : ছয়নিকা ডেকা

    আৰু পঢ়ক : ১৫ তাৰিখৰ পৰা জিলাভিত্তিক লকডাউন খোলাৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা- মুখ্যমন্ত্ৰী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং