24.1 C
Guwahati
Saturday, September 18, 2021
More

    ATMত ধন উলিয়াওতে সাৱধান, হোজাইত প্ৰৱঞ্চকে লুটি লৈ গ’ল ধন

    হোজাইৰ ডবকাত প্রৱঞ্চকে যুৱকৰ এটিএমৰ পৰা লুটি নিলে ২৫ হাজাৰ টকা

    ATMৰ পৰা ধন উলিওৱাৰ সময়ত হওঁক সাৱধান। ন’হলে প্ৰৱঞ্চকে চলনাৰে ATMৰ পৰা লুটি লৈ যাব পাৰে আপোনাৰ ধন। হোজাইত সংঘটিত হৈছে তেনে এক প্ৰৱঞ্চনাৰ ঘটনা। ধন উলিওৱাৰ ক্ষেত্ৰত সহায় কৰাৰ চলনাৰে লুটিলে ধন।

    হোজাইৰ ডবকাত প্রৱঞ্চকে যুৱকৰ এটিএমৰ পৰা লুটি নিলে ২৫ হাজাৰ টকা। নীলবাগানৰ ভুক্তভোগী শ্বিৰাজ উদ্দিন নামৰ যুৱকজনৰ ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ এটা এটিএমৰ পৰা প্ৰৱঞ্চনাৰে দুৰ্বৃত্তই সৰকাই টকাখিনি।

    শ্বিৰাজ উদ্দিনৰ পিতৃয়ে এটিএমৰ পৰা ধন ওলোৱাৰ সময়ত দুৰ্বৃত্তই সহায় কৰাৰ চালনাৰে কার্ডখন লৈ অন্য নিষ্ক্ৰিয় SBIৰ আব্দুল বাৰেক নামৰ ব্যক্তিৰ কার্ড এখন দি থৈ উধাও হয়।

    ভুক্তভোগীয়ে ইতিমধ্যেই ঘটনাৰ সন্দৰ্ভত নীলবাগান আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে হোজাই জিলাৰ ডবকা, যমুনামুখ, নীলবাগান, হোজাই আৰু লংকাত এটা বৃহৎ দুষ্ট চক্ৰই দীৰ্ঘদিনৰ পৰা এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে যদিও আৰক্ষীয়ে নাকি লগাবলৈ ব্যর্থ হোৱাৰ অভিযোগ।

    Photo: @sohidulalam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং