
এই মন্দিৰত ভক্তসকলে কিয় মুণ্ডন কৰে জানেনে! ভক্তৰ কটা চুলি বিক্ৰী কৰি মন্দিৰটোৱে বছৰি কোটি কোটি টকা উপাৰ্জন কৰে, কিন্তু ক’ত বিক্ৰী হয় এই চুলিসমূহ…
দেশৰ ভিতৰতে তিৰুপতি মন্দিৰলৈ সৰ্বাধিক চুলি দান কৰে ভক্তসকলে। তাৰ কাৰণো আছে। মানা হয় যে, এই মন্দিৰত ভক্তসকলে যিমান চুলি দিয়ে, ভগৱানে তেওঁক ১০ গুণ ধন দিয়ে। তিৰুপতি মন্দিৰত চুলি দান কৰিলে লক্ষ্মীদেৱী সন্তুষ্ট হয়। গতিকে ইয়াত সকলোৱে চুলি দান কৰে।
কোৱা হয় যে, আগতে বালাজীৰ মূৰ্তিৰ ওপৰত গোবৰৰ পৰ্বত এটা গঢ় লৈ উঠিছিল। এটা গৰু আহি প্ৰতিদিনে গোবৰুৱাৰ পাহাৰত গাখীৰ দিছিল। এদিন গৰুটোৰ মালিকৰ বৰ খং উঠিল। সি কুঠাৰেৰে গৰুৰ মূৰত আঘাত কৰিলে৷
গৰুটোৰ মূৰত কৰা সেই আঘাতে বালাজীৰ মূৰত খুন্দা মাৰিলে। মূৰত ঘাঁ লাগি ৰক্তক্ষৰণ আৰম্ভ হয় বালাজীৰ। আঘাতৰ বাবে বালাজীৰ মূৰৰ চুলি সৰি পৰিল। সেই দেখি নীলাদেৱীয়ে চুলি কাটি বালাজীৰ মূৰৰ সেই ঘাঁত মেৰিয়াই দিলে। লগে লগে বালাজীৰ আঘাত ভাল হ’ল। দক্ষিণ ভাৰতৰ বিভিন্ন মন্দিৰত নীলাদেৱীৰ মূৰ্তি আছে।
নীলাদেৱীৰ এই পদক্ষেপত নাৰায়ণ সুখী হৈছিল। তেওঁ কয়, চুলি মহিলাৰ শৰীৰৰ সৌন্দৰ্য্যৰ এক গুৰুত্বপূৰ্ণ অংগ। কিন্তু নীলাদেৱীয়ে তেওঁৰ বাবেই নিজৰ চুলিখিনি কাটি দিলে। এই কাৰণেই তিৰুপতি মন্দিৰত চুলি দান কৰি ইচ্ছা পূৰণ কৰা হয় বুলি বিশ্বাস কৰা হয়।
মন্দিৰৰ সূত্ৰ অনুসৰি, কটা চুলি প্ৰথমে গৰম পানীত সিজাই লোৱা হয়। ইয়াৰ পিছত চাবোনেৰে ধুই শুকুৱাই লোৱা হয়। তাৰ পিছত ইয়াক এটা তাপ নিয়ন্ত্ৰিত গুদামত সংৰক্ষণ কৰা হয়।
এটা সংবাদ মাধ্যমৰ মতে, প্ৰথমটো ভাগৰ চুলি প্ৰতি কেজিত প্ৰায় ২৯০০ৰ পৰা ৩০০০ টকাত বিক্ৰী হয়। দ্বিতীয় ভাগৰ চুলি প্ৰতি কেজিত ২৬০০ টকাত বিক্ৰী কৰা হয়। আৰু চুলিৰ পঞ্চম ভাগৰ প্ৰতি কেজিত ৩৬ টকাৰ হাৰত বিক্ৰী কৰা হয়।
সেই চুলিখিনি অনলাইনত নিলাম কৰা হয়। নিলাম কৰে তিৰুমালা তিৰুপতি দেৱস্থানম কৰ্তৃপক্ষই। সেই কাম কৰি কৰ্তৃপক্ষই কোটি কোটি টকা উপাৰ্জন কৰে। চীন, আমেৰিকা, ইউৰোপ, আফ্ৰিকাকে ধৰি বিভিন্ন দেশত ইয়াক বিক্ৰী কৰা হয়। এই চুলিৰ পৰাই উইগ তৈয়াৰ কৰা হয়।
তিৰুপতিত নাপিতসকলে প্ৰতিজন ভক্তৰ মূৰৰ চুলি কাটি ১১ টকা পায় বুলি দাবী কৰিছে এটা সংবাদ মাধ্যমে। বজাৰত তেওঁলোকৰ মাহিলী আয় আঠ হাজাৰ টকা। ভক্তসকল সুখী আৰু প্ৰায়ে নাপিতসকলক অতিৰিক্ত ধন দিয়ে। মাজে মাজে এই ধন মন্দিৰৰ নিৰাপত্তাৰক্ষীয়ে লৈ যোৱাৰো অভিযোগ কৰে নাপিতসকলে।
এটা সংবাদ মাধ্যমে দাবী কৰিছে যে, ২০২১ চনৰ জানুৱাৰী মাহত তিৰুপতী মন্দিৰ কৰ্তৃপক্ষই ১ লাখ ৪৩ হাজাৰ ৯০০ কেজি চুলি বিক্ৰী কৰিছিল। সেই চুলিখিনি অনলাইনত নিলাম কৰি তেওঁ ১১ কোটি ১৭ লাখ টকা পাইছিল।
এনেদৰেই ভক্তৰ কটা চুলি বিক্ৰী কৰি তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই প্ৰতি বছৰে প্ৰায় ১৫০ কোটি টকা উপাৰ্জন কৰে।