36 C
Guwahati
Sunday, August 7, 2022
More

    চিনি পাইছেনে কোন এই কনামনি! যিয়ে মাত্ৰ ৮ মাহ বয়সতে অভিনয় আৰম্ভ কৰিছিল, এতিয়া বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী

    চিনি পাইছেনে কোন এই কনামনি! যিয়ে মাত্ৰ ৮ মাহ বয়সতে অভিনয় আৰম্ভ কৰিছিল, এতিয়া বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী

    মাত্ৰ ৮ মাহ বয়সতে মাতৃৰ সৈতে অভিনয় জগতত ভুমুকি মাৰিছিল এই কনামনিগৰাকীয়ে। তেতিয়া হয়তো সেই কনামনিৰ মাতৃয়েও ভাবিব পৰা নাছিল ভৱিষ্যতলৈ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হৈ পৰিব।

    যিয়ে বৰ্তমানে বলীউডৰ কৰি গৈছে ইখনৰ পাছত সিখন সফল ছবি। বৰ্তমানে সবাতোকৈ জনপ্ৰিয় অভিনেত্ৰী বুলিলেও ভুল কোৱা নহব এইগৰাকী অভিনেত্ৰীৰ ক্ষেত্ৰত।

    আজি ৩১ জুলাই তাৰিখে সেই তেতিয়াৰ ৮ মাহৰ কনমানি জনীৰ ৩০ বছৰীয়া জন্মদিন। সেই অভিনেত্ৰীগৰাকী অন্য কোনো নহয় সেয়া হৈছে কিয়াৰা আদবানী।

    মাত্ৰ ৮ মাহ বয়সতে কিয়াৰাই মাতৃৰ সৈতে এটা শিশু সকলৰ উপযোগী সামগ্ৰীৰ বিজ্ঞাপনত ভুমুকি মাৰিছিল। অৱশ্যে সেই বিজ্ঞাপনত কিয়াৰা থকাৰ কথা হয়তো বহুতেই নাজানে।

    ২০১৬ চনত মাতৃ দিৱসৰ দিনা কিয়াৰাই নিজেই সেই বিজ্ঞাপনটো শ্বেয়াৰ কৰিছিল টুইটাৰ যোগে। তেতিয়াহে বহুতেই জানিব পাৰে কিয়াৰাই কৰা সেই বিজ্ঞাপনৰ বিষয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং