এম এছ ধোনীৰ জীৱনক লৈ নিৰ্মিত চিনেমাখনত যেন বহু কথাই ৰৈ গৈছে! ধোনী আৰু সাক্ষীৰ প্ৰেম জীৱনৰ আচল সত্য কি আছিল জানেনে…

0
93

এম এছ ধোনীৰ জীৱনক লৈ নিৰ্মিত চিনেমাখনত যেন বহু কথাই ৰৈ গৈছে! ধোনী আৰু সাক্ষীৰ প্ৰেম জীৱনৰ আচল সত্য কি আছিল জানেনে…

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ পত্নী সাক্ষী ধোনীৰ জন্ম হৈছিল ১৯৮৮ চনৰ ১৯ নৱেম্বৰত অসমত। ইয়াতেই তেওঁৰ পিতৃয়ে আৰ কে সিং বিন্নাগুৰি চাহ কোম্পানীত কাম কৰিছিল।

এম এছ ধোনীৰ জীৱনক লৈ নিৰ্মিত বলীউদৰ বিখ্যাত ছবিখন আমি সকলোৱে চাইছো। কিন্তু ছবিখনত যেন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ পত্নী সাক্ষী বহু কথাই ৰৈ গৈছে!

মহেন্দ্ৰ সিং ধোনী আৰু সাক্ষী ধোনীয়ে ৪ জুলাই ২০১০ তাৰিখে দেৰাডুনত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ প্ৰেমৰ কাহিনী খুব আমোদজনক। সাক্ষীয়ে তেওঁৰ স্কুলত এম এছ ধোনীৰ জুনিয়ৰ আছিল, কিন্তু তেতিয়াও দুয়ো দুয়োকে চিনি পোৱা নাছিল।

দুয়োৰে পিতৃয়ে ৰাঁচীত একেলগে কাম কৰিছিল। সাক্ষী আৰু মহেন্দ্ৰ সিং ধোনীয়ে মেনেজাৰ যুধজিৎ দত্তৰ জৰিয়তে ইজনে আনজনক সাক্ষাৎ কৰে। যিখন হোটেলত সাক্ষীয়ে ইণ্টাৰ্ণশ্বিপ কৰিছিল, তাতেই দুয়োৰে প্ৰথম দেখা হয়।

ইয়াৰ পিছত ধোনীয়ে তেওঁৰ মেনেজাৰৰ পৰা সাক্ষীৰ নম্বৰ লৈ প্ৰথম যোগাযোগৰ চেষ্টা কৰে। এম এছ ধোনীয়ে যেতিয়া প্ৰথম সাক্ষীক মেছেজ কৰিছিল, তেতিয়া সাক্ষীয়ে ভাবিছিল কোনোৱে তেওঁৰ সৈতে ধেমালি কৰাৰ চেষ্টা কৰিছে।

আচলতে সাক্ষীয়ে বিশ্বাসেই কৰিব পৰা নাছিল যে, ধোনী নিজেই তেওঁক মেছেজ কৰিব। পিছত ক্ৰমান্বয়ে সাক্ষীৰ ভুল ভাঙিল আৰু দুয়োৰে মাজত কথা–বাৰ্তা আৰম্ভ হয়। প্ৰায় আঢ়ৈ বছৰ তেওঁলোকে ডেট কৰে।

সেই সময়ত ধোনীয়ে মিডিয়াৰ পৰা নিজৰ সম্পৰ্ক একেবাৰে গোপনে ৰাখিছিল। পিছত পৰিয়ালৰ সদস্যসকলৰ সন্মতিত বিয়া হয় দুয়োৰে। বৰ্তমান এই দম্পতীৰ এগৰাকী কন্যাও আছে। কন্যাৰ নাম ৰাখিছে জিভা।