দূৰ্গা পূজাৰ মূল আকৰ্ষণ জেলেপিৰ ইতিহাস জানেনে ? ইতিহাসৰ লগতে জেলেপিৰ আছে বিশেষ গুণাগুণ

0
1032

দূৰ্গা পূজাৰ মূল আকৰ্ষণ জেলেপিৰ ইতিহাস জানেনে ? ইতিহাসৰ লগতে জেলেপিৰ আছে বিশেষ গুণাগুণ

সমাগত শাৰদীয় দুৰ্গা পূজা। চৌদিশে দুৰ্গোৎসৱৰ ৰঙীন পৰিৱেশ। পূজাৰ প্ৰাকক্ষণত ৰঙীন হৈ উঠিছে সকলোৰে মন।দেৱী দুৰ্গাৰ আশীষ ল’বলৈ সাজু হৈছে সকলো।

কিন্তু দুৰ্গা পূজা বুলি কলেই সকলোৰে এটা কথাই মনলৈ আহে আৰু সেয়া হৈছে জেলেপি। দূৰ্গা পূজাৰ বজাৰৰ মূল আকৰ্ষণ হৈছে জেলেপি।

জেলেপি অবিহনে যেন আধৰুৱা হৈ ৰয় পূজাৰ আনন্দ। মিঠা-মিঠা বিবিধ জেলেপিৰ সোৱাদ ল’বলৈ মিঠাইৰ দোকান অথবা ৰাস্তাৰ কাষৰ মুকলি বজাৰত ভিৰ কৰে বহুজনে।

কিন্তু জেলেপিৰো আছে ইতিহাস। জেলেপিৰ ইতিহাসৰ কথা আপুনি জানেনে? জানিব পৰা মতে ১৫০০ শতিকাৰ এখন সংস্কৃত ভাষাৰ এখন গ্ৰন্থত জেলেপিক কুণ্ডলিকা আৰু জালাভালিকা নামেও অভিহিত কৰিছে।

কেৱল ভাৰত বা বাংলাদেশতেই জেলেপি পোৱা যায় তেনে নহয়। সমগ্ৰ মধ্য প্ৰাচ্য দেশসমূহত জেলেপি পোৱা যায়। ইৰাণত জেলেপিৰ নাম হৈছে ‘জালাবিয়া’।

মালদ্বীপত জিলিপি। আলজেৰিয়াত জিলিছিয়া। আৰু নেপালত জেলেপিক জনা যায় জেলি। জেলেপিক ভাৰতৰ খাদ্য বস্তুৰ তালিকালৈ মোগল সম্ৰাট জাহাংগীৰে আনিছিল।

ইতিহাসৰ লগতে জেলেপিৰ গুণাগুণো আছে। গাখীৰৰ লগত জেলেপি খালে কি লাভ হয় জানেনে?

(১) পুৱা গাখীৰৰ লগত জেলেপি খালে মূৰৰ বিষ, মাইগ্ৰেইনৰ পৰা নিৰাময় পাব পাৰে ৷

(২) আপুনি যদি অধিক ক্ষীণ হয়, তেন্তে পুৱা গৰম গাখীৰৰ লগত নাইবা দৈৰ লগত জেলেপি খোৱা কৰক৷

(৩) পৰীক্ষাৰ আগত যেতিয়া অধিক চিন্তা হয়, তেতিয়া জেলেপি খাওক৷ ই স্ত্ৰেচ হৰমনৰ পৰিমাণ কমায় লগতে কামত মনোযোগিতা বঢ়ায়৷

(8) দীৰ্ঘ সময়লৈ যৌন শক্তি বৃদ্ধি তথা উন্নত প্ৰজননত সহায় কৰে গাখীৰ আৰু জেলেপিয়ে৷

(৬) গৰম গাখীৰৰ সৈতে জেলেপি ভিজাই খালে কাহ, চৰ্দি, এজমা আদিৰ দৰে ৰোগ নিৰাময়ত সহায়ক হয়৷