দেখাত সাইলাখ যমজ ভাতৃৰ দৰে এই দুই শিশু, পাছে দুয়ো দুখন ভিন্ন দেশৰহে

0
87

দেখাত সাইলাখ যমজ ভাতৃৰ দৰে এই দুই শিশু, পাছে দুয়ো দুখন ভিন্ন দেশৰহে

একেই চকু, একেই চুলি, পিন্ধনতো একেই চাৰ্ট। এবাৰতে দেখিলে এনে লাগে যেন দুয়ো যমজ ভাতৃ হে। পাছে দুয়ো একে মাতৃৰ সন্দানো নহয়। তাৰোপৰি দুয়ো একেখন দেশৰো নহয়।

পৃথিৱীত একে দেখাত কেইবাগৰাকী লোক থকাৰ দৰে এই দুই শিশুও একে। কিন্তু চাঞ্চল্যৰ বিষয় যে, দুয়ো কোনো এলাপেচা ব্যক্তি নহয়। বৰ্তমানে দুয়ো দুখন দেশক প্ৰতিনিধিত্ব কৰি দেশৰ সুনাম কৰি আছে।

বৰ্তমানে দুয়ো ডাঙৰ হোৱাৰ পাছত দেখাত প্ৰায় একেই থকাৰ লগতে চুলিৰ ষ্টাইলো একেই ৰাখিছে। লগতে দাঢ়িয়ো দুয়োৰে একে। হয় ঠিকেই ধৰিছে এই দুই শিশু হৈছে ভাৰত আৰু পাকিস্তানৰ নয়নৰ মণি বিৰাট আৰু বাবৰ।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু পাকিস্তানৰ বৰ্তমানৰ অধিনায়ক বাবৰ আজম। দুয়োৰে শিশু কালৰ দুখন ফটো বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

যি ফটো দেখি তবধ মানিছে ক্ৰিকেট অনুৰাগীৰ লগতে বহু লোকে। দুয়োৰে শিশু কালৰ ফটোত প্ৰায়ে মিল আছে। যেন একে মাকৰ সন্তান দুয়ো।