চিনি পাইনে আমিৰ খানৰ জোঁৱাই নুপুৰক …একেবাৰেই সাধাৰণ পৰিয়ালৰ পৰা অহা

0
28947

চিনি পাইনে আমিৰ খানৰ জোঁৱাই নুপুৰক …একেবাৰেই সাধাৰণ পৰিয়ালৰ পৰা অহা

বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানৰ জীয়ৰী ইৰা খানৰ বাগদান হৈ যায় কালি। প্ৰেমিক নুপুৰ শিখৰে ইৰাক কালি আঙুঠি পিন্ধাই, যাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ইৰাৰ বাগদানৰ বাতৰি ভাইৰেল হোৱাৰ লগে লগে সকলোফালৰ পৰা অভিনন্দন আহিছে। চেলিব্ৰিটি বন্ধুৰ পৰা অনুৰাগীলৈকে সকলোৱে শুভকামনা জনাইছে আমিৰ কন্যা ইৰাক। ইৰা আমিৰ প্ৰথমা পত্নীৰ ফালৰ পৰা সন্তান।

পাছে কোন ইৰাৰ বাগদত্তা। কোনে আঙুঠি পিন্ধালে বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্টৰ কন্যাক আঙুঠি।

১৯৮৫ চনৰ ১৭ অক্টোবৰত পুনেত জন্ম হৈছিল নুপুৰ শিখৰৰ। এছ.ডি. কাটাৰিয়া উচ্চ বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, নুপুৰে আৰ.এ. পোড্ডাৰ কলেজ অফ কমাৰ্চ এণ্ড ইকনমিক্সৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।

নুপুৰ এক অতিকে সাধাৰণ পৰিয়ালৰ পৰা অহা, বৰ্তমানে এগৰাকী চেলিব্ৰিটি ফিটনেছ প্ৰশিক্ষক। বৰ্তমানে তেওঁ এজন ফিটনেছ প্ৰশিক্ষক আৰু পৰামৰ্শদাতা হিচাপেও জনাজাত।

নুপুৰে কিছু সময়ৰ পৰা ইৰাক প্ৰশিক্ষণ দি আছে। কেৱল সেয়াই নহয়, নুপুৰে আমিৰ খানকো প্ৰশিক্ষণ দি আহিছে আৰু ২০০৮ চনৰ পৰা সুস্মিতা সেনক প্ৰশিক্ষণ দি আহিছে। ইমান বছৰ ফিটনেছৰ প্ৰশিক্ষণ ৰখাৰ পিছত, নুপুৰে ২০২০ চনৰ পৰা ইৰাৰ সৈতে ডেটিং আৰম্ভ কৰে।

তেতিয়াৰ পৰা, দুয়োকে ৰাজহুৱাভাৱে বহুতো স্থানত একেলগে দেখা গৈছে। অৱশ্যে, এজন ফিটনেছ প্ৰশিক্ষক হোৱাৰ উপৰিও, নুপুৰ এগৰাকী নৃত্যশিল্পীও।

ইৰা খানে ২০২১ চনত নুপুৰৰ সৈতে থকা সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছিল। নুপুৰক খান পৰিয়ালৰ অনুষ্ঠানতো কেইবাবাৰো দেখা গৈছে।

একেবাৰে সাধাৰণ ঘৰৰ পৰা অহা নুপুৰ মিষ্টাৰ পাৰফেক্টনিষ্টৰ কন্যাৰ বাগদত্তা হৈ পৰাত এতিয়া খুবেই চৰ্চিচ হৈ পৰিছে সকলোফালে।