ঘৰত কাম কৰা মানুহ ৰাখে নেকি, তেন্তে সাৱধান হোৱাৰ সময় কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰিছে এই নিৰ্দেশনা…

0
408

ঘৰত কাম কৰা মানুহ ৰাখে নেকি, তেন্তে সাৱধান হোৱাৰ সময় কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰিছে এই নিৰ্দেশনা…

সঘনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে বনকৰা শিশু, কিশোৰ-কিশোৰী নিৰ্যাতনৰ ঘটনা নাইবা ঘৰত কাম কৰা লোকৰ হাতত মৃত্য হোৱাৰ মালিকৰ ঘটনা। যাৰ বাবে এইবাৰ কঠোৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে অসম চৰকাৰে।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ শৰৎ কালীন অধিৱেশনত কয় কিছু গুৰুত্বপূৰ্ণ কথা। অতি শীঘ্ৰেই ৰাজ্যৰ ঘৰুৱা সহায়ক নিয়োগ কৰা পৰিয়ালবোৰে আৰক্ষীৰ প্ৰক্ৰিয়া চলাব লাগিব পাৰে।

লগতে ৰাজ্য চৰকাৰে ইয়াৰ বাবে কঠোৰ আইন অনাৰ চিন্তা কৰি থকাৰ বাবে বিভিন্ন দায়বদ্ধতা মূলক ব্যৱস্থা অনুসৰণ কৰিব লাগিব পাৰে।

সোমবাৰে, অসমৰ মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই বিধানসভাত জনায় যে বিজেপি চৰকাৰে ঘৰুৱা সহায়ক হিচাপে কাম কৰা লোকসকলক সুৰক্ষা দিবলৈ এখন আইন আনিব যি মানৱ সৰবৰাহৰ ঘটনাসমূহক পোনপটীয়াকৈ প্ৰভাৱিত কৰিব।

মুখ্য়মন্ত্ৰীয়ে ইয়াকো কয় যে, “এটা মানসিকতা আছে যে যেতিয়া শিশু বা কিশোৰক কামৰ উদ্দেশ্যে আন ৰাজ্যলৈ লৈ যোৱা হয় ইয়াক মানৱ সৰবৰাহ বুলি গণ্য কৰা হয় কিন্তু যেতিয়া একেটা শিশুক ঘৰুৱা সহায়ক হিচাপে অসমে বেলেগ জিলা বা স্থানলৈ লৈ যোৱা হয়, ইয়াক উপেক্ষা কৰা হয়। মই বিশ্বাস কৰোঁ যে ১৪ বছৰৰ তলৰ শিশু পিতৃ-মাতৃৰ পৰা পৃথক হৈছে সি এক প্ৰকাৰৰ সৰবৰাহ।”

এনে ধৰণৰ কাৰণত ৰাজ্য চৰকাৰে এনে এক আইন অনাৰ পৰিকল্পনা কৰিছে যিয়ে এনে ঘৰুৱা সহায়কৰ নিয়োগকৰ্তাসকলক জবাবদিহি কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

তেওঁ লগতে কয়, “প্ৰস্তাৱিত আইন অনুসৰি, এনে ঘৰুৱা সহায়কৰ নিয়োগকৰ্তাসকল শিশুটোৰ শিক্ষা আৰু স্বাস্থ্যৰ বাবে দায়বদ্ধ হ’ব লাগিব। নিয়োগকৰ্তাসকলে তেওঁলোকৰ ঘৰুৱা সহায়ৰ প্ৰমাণপত্ৰ স্থানীয় আৰক্ষীৰ ওচৰত বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব।”